ব্রিটিছ ৰাণীক আমেৰিকাত হত্যাৰ ষড়যন্ত্র চলিছিলঃ এফবিআইৰ নতুন নথি মুকলি

বিশেষ বাৰ্তা, ২৭ মেঃ ব্রিটেইনৰ প্রয়াত ৰাণী দ্বিতীয় এলিজাবেথক ১৯৮৩ চনত আমেৰিকা ভ্রমণৰ সময়ত হত্যাৰ ষড়যন্ত্র চলিছিল৷ শেহতীয়াকৈ দেশখনৰ চোৰাংচোৱা সংস্থা এফবিআয়ে মুকলি কৰি দিয়া নথিত এই তথ্য পোহৰলৈ আহিছে৷ মার্কিন চোৰাংচোৱা সংস্থা এফবিআয়ে শেহতীয়াকৈ ব্রিটিছ ৰাণীৰ আমেৰিকা ভ্রমণ সম্পর্কীয় এলানি নথি মুকলি কৰি দিছে৷ আইৰিছ ৰিপাব্লিকান আর্মী (আইআৰএ)–এ ব্রিটিছ ৰাণীক হত্যাৰ পৰিকল্পনা চলাইছিল বুলি এফবিআয়ে তথ্য লাভ কৰিছিল৷ ছান ফ্রান্সিছকোত এগৰাকী আৰক্ষী বিষয়ালৈ আহিছিল এই ভাবুকিৰ সংবাদ৷ সঘনে এই বিষয়াগৰাকীয়ে এক আইৰিছ পানশালালৈ গৈছিল৷ তেতিয়াই বিষয়াগৰাকীয়ে ব্রিটিছ ৰাণীক হত্যাৰ পৰিকল্পনাৰ কথা জানিবলৈ সক্ষম হৈছিল৷ লগে লগে তেওঁ এফবিআইক সমস্ত তথ্য দিছিল৷ স্মর্তব্য যে আইআৰএৰ উদ্দেশ্য আছিল ব্রিটেইনৰ নিয়ন্ত্রণৰ পৰা আয়াৰলেণ্ডক স্বাধীন কৰা৷ কেইবাগৰাকীও ব্রিটিছ নেতাক হত্যা কৰিছিল আইআৰএই৷

Featured