গাংমৌথানত মূৰ দোঁৱাই নিৰ্বাচনী ৰাজনীতি আৰম্ভ গৌৰৱৰ

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ বিহালীত লোকসভাৰ সাংসদ তথা বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত আজি ঐতিহ্যমণ্ডিত গাংমৌথানত মূৰ দোঁৱাই আৰম্ভ কৰিলে নিৰ্বাচনী ৰাজনীতি। ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পূৰ্বে দলে বিহালীৰ আহ্বায়কৰ দায়িত্ব গৌৰৱ গগৈক প্ৰদান কৰাৰ পিছতে দুদিনীয়া কাৰ্যসূচীৰে বিহালীত দ্বিতীয়বাৰৰ বাবে উপস্থিত হৈছে সাংসদগৰাকী। শেহতীয়াকৈ বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ ১৯খন গাঁও চৰকাৰে ৰাইজৰ লগত আলোচনা নকৰাকৈ বিটিআৰত অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত কয়, চৰকাৰে কোনো পক্ষ ল’ব নালাগে। চৰকাৰে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এক সংঘাতময় পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰাৰ বাবেই বিজেপিৰ যোগদান প্ৰক্ৰিয়াত সংখ্যা যথেষ্ট কমি গৈছে। চৰকাৰে সংঘাত দূৰ কৰাৰ পৰিৱৰ্তে সংঘাত সৃষ্টিহে কৰিছে। তেওঁ কয়, আমাৰ কংগ্ৰেছৰ শাসনৰ সময়ত আমি ৰাইজক এক‌ত্ৰিত কৰিছিলো, কিন্তু বিজেপিয়ে বিভাজনহে কৰিছে। আমাক ৰাইজে গাদীচ্যুত কৰিব পাৰে কিন্তু আমি কেতিয়াও ৰাইজৰ বিৰোধী কাম কৰা নাছিলো বুলি জানিবলৈ দিয়ে।
প্ৰেৰক ভুবন লুইটেল
Featured