আমেৰিকা যুক্তৰাষ্ট্রক চেৰ পেলাই ক’ভিড–১৯ত সুস্থতাৰ হাৰৰ তালিকাৰ শীর্ষত ভাৰত

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ক’ভিড–১৯ সংক্রমণৰ হটস্পট হৈ থকা ভাৰতত আক্রান্তৰ সমান্তৰালকৈ সুস্থতাৰ হাৰো বৃদ্ধি পাই আছে৷ মহামাৰী ক’ভিড–১৯ৰ আক্রান্তৰ তালিকাত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত থকাৰ বিপৰীতে মৃতকৰ তালিকাত তৃতীয় স্থানত থকা ভাৰতে সুস্থতাৰ হাৰত শীর্ষস্থান লাভ কৰিছে৷

সুস্থতাৰ হাৰত শীর্ষত থকা আমেৰিকা যুক্তৰাষ্ট্রক চেৰ পেলাই সম্প্রতি ভাৰত বিশ্বৰ ১ নম্বৰ স্থানত আছে৷ তথ্য মতে, ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা ভাৰতৰ ৫৩ লাখ অতিক্রম কৰাৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ সংখ্যা ৪২ লক্ষাধিক৷

অর্থাৎ আমেৰিকা যুক্তৰাষ্ট্রৰ ৪১,৯১,৮৯৪গৰাকী লোক সুস্থ হৈ উঠাৰ বিপৰীতে ভাৰতত সুস্থ হৈ উঠিছে ৪২,০৮,৪৩১গৰাকী৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে, ভাৰতত যোৱা ২৪ ঘণ্টাত এদিনত ৯৫ সহস্রাধিক লোক সুস্থ হৈ উঠিছে৷ ইয়াকে লৈ সুস্থতাৰ হাৰ ৭৯.২৮ শতাংশলৈ বৃদ্ধি হৈছে৷

তাৎপর্যপূর্ণ যে বিশ্বজুৰি ২১০খন দেশত আক্রান্তৰ সংখ্যা ৩ কোটি অতিক্রম কৰাৰ বিপৰীতে ২.২৪ কোটিতকৈ অধিক লোক সুস্থ হৈ উঠিছে৷ সুস্থ হৈ উঠা ২.২৪ কোটিতকৈ অধিক লোকৰ ভিতৰত ভাৰতৰ ৪২ লক্ষাধিক লোক আছে৷

অর্থাৎ বিশ্বৰ মুঠ সুস্থ হৈ উঠা লোকৰ ১৯ শতাংশই ভাৰতৰ লোক৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে দেশত সুস্থ হৈ উঠা ৰোগীৰ ভিতৰত ৯০ শতাংশ ১৬ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্র, তামিলনাডু, অন্ধ্রপ্রদেশ, কর্ণাটক আৰু উত্তৰ প্রদেশৰ ৬০ শতাংশ৷ উল্লেখ্য যে ছেপ্ঢেম্বৰৰ আৰম্ভণিৰে পৰা বর্তমানলৈকে দেশত ক’ভিড–১৯ৰ সংক্রমণৰ হাৰ ভয়ানকভাৱে বৃদ্ধি পাইছে৷

আগষ্টত প্রতিদিনে গড়ে ৬৪ হাজাৰ লোক আক্রান্ত হোৱাৰ বিপৰীতে ছেপ্ঢেম্বৰত প্রতিদিনে গড়ে ৮৫ সহস্রাধিক লোক আক্রান্ত হৈ আছে৷ এনেদৰে মৃতকৰ সংখ্যাও প্রতিদিনে গড়ে এক সহস্রাধিক বৃদ্ধি পাই আছে৷ দেশত মুঠ মৃতকৰ সংখ্যা ৮৫ সহস্রাধিক হৈছে৷