আকৌ এবাৰ মোদী চৰকাৰ

দেশৰ ৰাজনীতিত কেইবাটাও নতুন অভিলেখ স্থাপনেৰে ৰাজধানী দিল্লীৰ ৰাজপাটত তৃতীয়বাৰৰ বাবে অধিষ্ঠিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ সাতটা পর্যায়ত সমাপন হোৱা অষ্টাদশ লোকসভা নির্বাচনত একজিট প’লত বিজেপি নেতৃত্বাধীন এনডিএৰ সহজ জয় স্পষ্ট হৈছে৷ শনিবাৰে অন্তিম পর্যায়ৰ ভোটদান শেষ হোৱাৰ লগে লগে দেশৰ সংবাদ সংস্থা আৰু নির্বাচনী সমীক্ষা প্রতিষ্ঠানে প্রকাশ কৰা অনুসৰি চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় শক্তিতকৈ অধিক ক্ষমতাৰে তৃতীয়বাৰৰ বাবে দেশৰ ক্ষমতাত অধিষ্ঠিত হ’ব এনডিএ৷ ইণ্ডিয়া টুডে আৰু এক্সিছৰ একজিট প’ল অনুসৰি ৫৪৩খন লোকসভা আসনৰ ভিতৰত এনডিএই ৩৬১–৪০১খন আসন লাভ কৰাৰ বিপৰীতে ইণ্ডি মর্চাই লাভ কৰিব ১৩১–১৬৬খন আসন৷ এবিপি নিউজ আৰু চি ভোটাৰৰ যুটীয়া সমীক্ষাতো এনডিএই  ৩৫৩–৩৮৩ খন আসন লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে৷ ইয়াৰ বিপৰীতে ইণ্ডি মর্চাই ১৫৩–১৮২খন আসন লাভ কৰাৰ সম্ভাৱনা প্রকাশ কৰা হৈছে৷ টাইমছ নাও আৰু ইটিজিৰ সমীক্ষাত এনডিএই ৩৫৮খন আৰু ইণ্ডি মর্চাই ১৫২খন আসন লাভ কৰিব বুলি অনুমান কৰিছে৷  টুডেজ চাণক্যৰ সমীক্ষাতো এনডিএই ৩৭৬খন আসন আৰু ইণ্ডি মর্চাই ১০৩খন আসন পাব বুলি ভৱিষ্যদ্বাণী প্রকাশ কৰিছে৷ ৰিপাব্লিক ভাৰত আৰু মেট্রিজৰ সমীক্ষাতো এনডিএই ৩৫৩–৩৬৮খন আসন, ইণ্ডি মর্চাই ১১৮–১৩৩খন আসন, জন কি বাতৰ সমীক্ষাতো এনডিএ ৩৬২–৩৯২খন আসন, ইণ্ডি মর্চাই ১৪১–১৬১খন আসন লাভ কৰিব বুলি অনুমান কৰিছে৷ তদুপৰি ৰিপাব্লিক টিভি–পি মার্ক, দৈনিক ভাস্কৰ, নিউজ নেচন, ইণ্ডিয়া নিউজ–ডাইনেমিক্স আদিৰ সমীক্ষাতো এনডিএই এইবাৰ অধিক ক্ষমতাৰে হেটট্রিক জয়ৰ পূর্বানুমান কৰিছে৷ অষ্টাদশ লোকসভা নির্বাচন দেশৰ শাসক, বিৰোধী ৰাজনৈতিক দলসমূহৰ শক্তি প্রদর্শনৰ বাবে এক গুৰুত্বপূর্ণ নির্বাচন ৰূপে অভিহিত কৰা হৈছে৷ দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ অতিক্রম কৰাৰ সময়ছোৱাৰ অধিকাংশ সময় কংগ্রেছ নেতৃত্বাধীন চৰকাৰ বর্তি আছিল৷  ৭০ৰ দশকৰ পাছত দেশৰ ৰাজনীতিত অকংগ্রেছী চৰকাৰ ছেগাচোৰোকাকৈ গঠন হ’লেও এই চৰকাৰসমূহৰ স্থায়িত্ব নাছিল৷ ২০১৪ৰ লোকসভা নির্বাচনত দেশজুৰি সৃষ্টি হোৱা ৰাজনৈতিক পৰিৱর্তনৰ ছুনামিৰ জৰিয়তে দিল্লীৰ ৰাজপাটত অধিষ্ঠিত হৈছিল প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ২০১৯ৰ লোকসভা নির্বাচনত চৰকাৰ পৰিৱর্তনৰ ধাৰা সলনি কৰি কংগ্রেছ নেতৃত্বাধীন ইউপিএৰ অংশীদাৰ দলসমূহে ঐক্যবদ্ধ যুঁজ চলাইছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰুদ্ধে৷ কিন্তু এই ৰাজনৈতিক যুঁজখনত কংগ্রেছ দল সফল হোৱা নাছিল৷ ২০১৯ৰ লোকসভা নির্বাচনত দেশত ক্ষমতা লাভৰ জোখাৰে ২৭২খন আসন লাভ কৰাটো দূৰৰ কথা, কংগ্রেছে লাভ কৰিছিল মাত্র ৫২খন আসন৷ কংগ্রেছ নেতৃত্বাধীন ইউপিএই লাভ কৰিছিল মুঠ ৯১খন আসন৷ ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছিল ৩০৩খন আসন৷ বিজেপি নেতৃত্বাধীন এনডিএৰ অংশাদীৰ দলসমূহে লাভ কৰা আসনৰ সংখ্যা আছিল ৩৫৩খন৷ ২০১৪ৰ তুলনাত ২০১৯ৰ লোকসভা নির্বাচনত এনডিএৰ ভোট ৬.৩৬ শতাংশ বৃদ্ধি হৈছিল আৰু বিজেপিৰ আসন বৃদ্ধি হৈছিল ২১খন৷ সদ্যসমাপ্ত লোকসভা নির্বাচনৰ যিবোৰ সমীক্ষা প্রকাশ হৈছে ভোটগণনাত ইয়াৰ প্রতিফলন  হ’লে বিজেপি তথা এনডিএই অধিক আসন লাভ কৰাৰ আশা আছে৷

প্রধানমন্ত্রীৰ আসনত নৰেন্দ্র মোদী অধিষ্ঠিত হোৱাৰ পৰা দেশৰ ৰাজনীতিত বিশেষ পৰিৱর্তন লক্ষণীয় হৈছে৷ দেশৰ ছয় দশকজোৰা ভোটবেংক ৰাজনীতিক বিভাজন কৰি আক্রমণাত্মক নীতিৰে বিজেপিয়ে মাথোঁ ৰাজধানী দিল্লীৰে নহয় দেশৰ অধিকাংশ ৰাজ্যত আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছে৷ বিজেপিৰ আগ্রাসী ৰাজনীতিৰ ওচৰত কংগ্রেছকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত বিভাজন ঘটিছে৷ বিগত ১০ বছৰত কংগ্রেছৰ বুজনসংখ্যক জ্যেষ্ঠ আৰু নিষ্ঠাৱান নেতাই দলত্যাগ কৰি বিজেপিত যোগ দিছে৷ দলটোৰ সাংগঠনিক ভেটিত ব্যাপক খহনীয়া হৈছে৷ চলিত লোকসভা নির্বাচনত কংগ্রেছে ঘাইকৈ পাঁচটা প্রতিশ্রুতি দিছিল৷ ইয়াৰ ভিতৰত অন্যতম হ’ল – ২৭ লাখ শিক্ষিত নিবনুৱাক চৰকাৰী চাকৰি, মহিলাসকললৈ বছৰি ১ লাখ টকাকৈ সাহায্য, ২৫ লাখ টকালৈ চিকিৎসা সাহায্য, কৃষিজাত সামগ্রীৰ ন্যূনতম মূল্য নির্ধাৰণ আৰু কৃষিঋণ ৰেহাই আৰু আর্থ–সামাজিক, জাতিভিত্তিক জনগণনা৷ কংগ্রেছৰ এনে নির্বাচনী প্রতিশ্রুতি সত্ত্বেও দেশৰ জনসাধাৰণে চলিত লোকসভা নির্বাচনত বিৰোধী দলটোক আস্থা আৰু বিশ্বাসত গ্রহণ নকৰিলে৷ কংগ্রেছৰ এনে দুর্যোগ প্রতিটো নির্বাচনত কিয় হৈছে দলটোৱে সঠিকভাৱে পর্যালোচনা কৰি ইয়াৰ নিৰাময়ৰ ব্যৱস্থা গ্রহণ কৰাও পৰিলক্ষিত হোৱা নাই৷ দেশজুৰি কংগ্রেছৰ সাংগঠনিক ভেটি এতিয়াও আছে৷ নির্বাচন জিকাৰ জোখাৰে অথবা ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণত সক্ষম নহ’লেও কংগ্রেছৰ সমান কোনো এটা বিৰোধী দলৰ সাংগঠনিক স্থিতি নাই৷ কিন্তু কংগ্রেছৰ এনে দুর্যোগ যে নেতৃত্বকেন্দ্রিক দুর্বলতাৰ বাবে হৈছে সেয়া স্পষ্ট৷ গান্ধী পৰিয়ালৰ নিয়ন্ত্রণৰে পৰিচালিত দলটোৰ প্রতি দেশৰ জনগণৰ আস্থা আৰু বিশ্বাস নোহোৱা হৈছে৷ বিগত ১০ বছৰত বিজেপি ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত গান্ধী পৰিয়ালৰ বিভিন্ন দিশ উন্মোচন হৈছে৷ ইয়াৰে কিছুমান বিষয় ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত বুলি কংগ্রেছৰ নেতৃত্বই প্রচাৰ চলালেও সত্যতা নাইকিয়া কৰিব পৰা নাই৷ দেশৰ প্রধান ৰাজনৈতিক দলসমূহৰ মূল প্রত্যাহ্বান এয়ে যে ক্ষমতা অবিহনে কোনো এটা ৰাজনৈতিক দলে দীর্ঘকাল দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰি ৰাখিব নোৱাৰে৷ পাঁচ বছৰ কিবাকৈ বিৰোধীৰ আসনত বহিলেও পুনৰ ক্ষমতাত অধিষ্ঠিত হ’ব নোৱাৰিলে সেই দলৰ খহনীয়া হোৱাটো এক স্বাভাৱিক প্রক্রিয়াত পৰিণত হৈছে৷ চলিত নির্বাচনত কংগ্রেছ দল পৰাজিত হ’লে দলটোৰ সাংগঠনিক ভেটিত যে আৰু অধিক খহনীয়া হ’ব সেয়া নিশ্চিত৷ কিয়নো ক্ষমতা অবিহনে কংগ্রেছৰ সিংহভাগ নেতাই বিকল্পৰ সন্ধান চলোৱাৰ আশংকা আছে৷ ইয়াৰ বিপৰীতে বিজেপিৰ বাবে আশাপ্রদ এয়ে যে প্রধানমন্ত্রী মোদীয়ে প্রদান কৰা ‘অব কী বাৰ ৪০০ পাৰ’ শ্ল’গানৰ লক্ষ্যত উপনীত হোৱাৰ দিশে অগ্রসৰ হৈছে৷ বিজেপিৰ এনে নির্বাচনী সফলতাৰ বিপৰীতে কংগ্রেছ তথা বিৰোধী দলসমূহৰ ব্যর্থতা বিশ্বৰ সর্ববৃহৎ গণতন্ত্রৰ বাবে শুভ লক্ষণ নহয়৷ গণতন্ত্রক অধিক ফলপ্রসূ কৰাৰ স্বার্থত শক্তিশালী বিৰোধীৰ প্রয়োজন আছে৷ দেশৰ বিবেকৱান লোকসকলেও বিৰোধী পক্ষ শক্তিশালী হোৱাটো মনে–প্রাণে বিচাৰে৷ কিন্তু ক্ষমতালিপ্সু বিৰোধী দলসমূহৰ নেতাসকলে বাৰে বাৰে হতাশ কৰিছে পৰিৱর্তনকামী লোকক৷

Featured