জালুকবাৰীত পথৰ দাঁতিত পিপিই উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৩ মেঃ মহানগৰীৰ জালুকবাৰীৰ সমীপৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথ বাইপাছৰ বিদ্যানগৰৰ পথৰ দাঁতিত আজি আবেলি পিপিই কিট উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত প্রতিক্রিয়াৰ সৃষ্টি কৰে৷ প্রাপ্ত তথ্য মতে, ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত চিকিৎসক আৰু চিকিৎসা কর্মীয়ে ব্যৱহাৰ কৰা পিপিই কিট পৰি থকা দেখি স্থানীয় লোকে জালুকবাৰী আৰক্ষীক খবৰ দিয়ে৷

উল্লেখ্য যে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ হোৱা ব্যক্তিৰ চিকিৎসা, নমুনা সংগ্রহ কৰাৰ সময়ত চিকিৎসক আৰু চিকিৎসা কর্মীয়ে সাধাৰণতে এই পিপিই কিট ব্যৱহাৰ কৰে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ হোৱাৰ প্রবল সম্ভাৱনা থকা এই পিপিই কিট বিজ্ঞানসন্মত পদ্ধতিৰে নিৰাপদ ঠাইত নিষ্কাশন কৰা হয়৷ এনে কিট মুকলি ঠাই বা য’তে ত’তে পেলাই দিয়াটো অতি বিপজ্জনক৷ ইয়াৰ ফলত মানুহৰ লগতে পৰিৱেশৰ ওপৰতো ব্যাপক প্রভাৱ পৰে৷ মহানগৰীৰ বিদ্যানগৰকে ধৰি বিভিন্ন ঠাইত বিগত দিনকেইটাত পিপিই কিট উদ্ধাৰ হোৱা ঘটনাই ৰাইজক আতংকিত কৰি তুলিছে৷ এইক্ষেত্রত স্বাস্থ্য বিভাগক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাইজে দাবী জনাইছে৷