ঘৰলৈ নৈশভোজৰ বাবে ৰাহুলক আমন্ত্রণ লক্ষ্ণৌৰ স্বত্বাধিকাৰী গোৱেংকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মে’ : ৫ দিনৰ ভিতৰত সলনি হ’ল ছবি৷ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়ক লোকেশ ৰাহুলক ৫ দিন পূর্বে খেলপথাৰত ধমক দিছিল দলটোৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই৷ ক্ষন্তেকৰ ভিতৰতে ধমক দিয়াৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল৷ বুধবাৰৰ নিশাৰ ছবিখন সোমবাৰে নিশা সলনি হ’ল৷ সঞ্জীৱ গোৱেংকাই লোকেশ ৰাহুলক নিজৰ ঘৰত ৰাতিৰ আহাৰ খাবলৈ আমন্ত্রণ জনালে৷ বিখ্যাত উদ্যোগপতিগৰাকীয়ে তাৰকা ক্রিকেটাৰজনক নিজৰ ঘৰলৈ মাতি সাবটি ধৰিলে৷ এইবাৰ এই মুহূর্তৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হয়৷ বহুতৰ মতে, খেলপথাৰত গোৱেংকাৰ ক্ষোভ প্রদর্শন ন্যায্য নাছিল৷ বহুতে ভাবে যে ভুলটো উপলব্ধি কৰি তেওঁ দলটোৰ অধিনায়ক ৰাহুলক নিজৰ ঘৰলৈ মাতি আনি বিতর্কৰ অন্ত পেলোৱাৰ চেষ্টা কৰে৷ উল্লেখ্য যে বুধবাৰে ছানৰাইজার্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত অনুষ্ঠিত আইপিএলৰ মেচখনৰ সমাপ্তিৰ পিছতে ক্ষোভৰ সন্মুখীন হয় লোকেশ ৰাহুল৷ মেচখনত লক্ষ্ণৌৱে ১৬৫ ৰান কৰিছিল৷ প্রত্যুত্তৰত ৯.৪ অভাৰতে কোনো উইকেট নেহেৰুৱাকৈ লক্ষ্য অতিক্রম কৰিছিল ছানৰাইজার্ছে৷ ইয়াৰ পিছত সঞ্জীৱ গোৱেংকাই ৰাহুলৰ লগত বিৰক্তিকৰ কথা পতাৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ খেলৰ অন্তত গোৱেংকা খেলপথাৰলৈ নামি আহি বাউণ্ডেৰীৰ দাঁতিত থিয় হৈ থকা ৰাহুলক ককর্থনা কৰা দেখা গৈছিল আৰু ৰাহুলে বুজাবলৈ চেষ্টা কৰিও বিফল হোৱা পৰিলক্ষিত হৈছিল৷ সঞ্জীৱ গোৱেংকাৰ আচৰণৰ পৰা স্পষ্ট হৈ পৰিছিল যে তেওঁ দলৰ পৰাজয়ত মুঠেই সুখী নহয়৷ ইফালে মঙলবাৰে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু দিল্লী কেপিটেলছৰ খেলখনৰ পূর্বে সকলো সমস্যা সমাধান হোৱা বুলি অনুমান কৰা হৈছে৷ 

Featured