বৰাকত বান পৰিস্থিতিৰ অৱনতি, বেটুকান্দিত ১৪৫ ধাৰা জাৰি

🎯১৫ দিনৰ ভিতৰত ভঙা মথাউৰি নিৰ্মাণ কৰা হ’ব : পীযুষ হাাজৰীকা

নিয়মীয়া বাৰ্তা, ৩০ মে’ : বানৰ ফলত বৰাক উপত্যকাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ঘৰ এৰি সুৰক্ষিত ঠাইলৈ ঢাপলি মেলিছে বহু লোক। শিলচৰ অন্নপূৰ্ণাঘাটত বিয়লি ৫ বজালৈকে বৰাক নদীৰ জলপৃষ্ঠ ১ চেন্টিমিটাৰকৈ বৃদ্ধি পাইছে। শিলচৰ অন্নপূৰ্ণাঘাটত বৰাক নদীৰ জলপৃষ্ঠ ২১:৪০ চেন্টিমিটাৰ ওপৰৰে বৈ আছে। ইয়াত বিপদসীমা ১৯:৮৩ চেন্টিমিটাৰ‌। ইয়াৰ ফলতে বৰাক উপত্যকাত বান পৰিস্থিতিৰ অবনতি ঘটিছে। বৰাকৰ বিভিন্ন নদী আৰু উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ইতিমধ্যে কাছাৰ জিলাৰ বিভিন্ন অঞ্চল পানীৰ তলত ডুব গৈছে। কাছাৰ জিলাৰ শিলচৰত বৰাক নদীৰ অন্নপূৰ্ণা ঘাটৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। শিলচৰ চহৰৰ বৰাক নদীৰ পাৰত অৱস্থিত বহু ঘৰ পানীত ডুব গৈছে। প্ৰায়বোৰ ঘৰ প্লাৱিত হৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে।কাছাৰত ৭২১০জন কৃষক পৰিয়াল সহ ২০০ টা গাঁও বানৰ কৱলত । লগতে ১৫২৩ হেক্টৰ কৃষি ভূমি বানৰ কৱলত। ইপিনে কাছাৰ জিলাৰ দণ্ডাধীশ ৰোহন কুমাৰ ঝাই ভাৰতীয় ফৌজদাৰী বিধি আইনৰ ১৪৪ ধাৰাত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে‌। এই আদেশত উল্লেখ কৰা হৈছে যে ২০২২ চনত বেটুকান্দিত দুষ্কৃতিকাৰীয়ে ইচ্ছাকৃতভাৱে বান্ধ কটাৰ ঘটনা সংঘটিত হৈছিল, যাৰ ফলত শিলচৰ চহৰত ব্যাপক ক্ষতি আৰু অভূতপূৰ্ব বানপানী আৰু ধ্বংসলীলা হৈছিল আৰু বহু লোকৰ প্ৰাণ হেৰুৱাইছিল আৰু বেটুকান্দিত বান্ধটো সুৰক্ষিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব এই বছৰৰ একেধৰণৰ কাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশে ভাৰতীয় ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ ১৪৪নং ধাৰাত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰি কয় যে বেটুকান্দি শ্লুইচ গেটৰ পৰা ৫০০ মিটাৰ ব্যাসাৰ্ধত আৰু বেটুকাণ্ডি ডাইকত পাঁচজন বা তাতকৈ অধিক লোকক একত্ৰিত কৰাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। ইফালে বৰাক নদীৰ পানীয়ে বিপদৰ স্তৰ অতিক্ৰম কৰিছে। ইয়াৰ উপৰি বৰাক নদীৰ নিত্য বৃদ্ধি পোৱা পানীয়ে দুৰ্বল স্থানত বান্ধ ভাঙি শিলচৰ চহৰৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে থকা বৃহৎ অঞ্চল প্লাৱিত কৰাৰ সম্ভাৱনা আছে। ধুমুহা-বৰষুণৰ পিছত এইবাৰ ৰাজ্যত বানৰ সংহাৰী ৰূপ, হাইলাকান্দিত চিগিল কাটাখাল নৈৰ মথাউৰি, প্লাৱিত বিস্তীৰ্ণ অঞ্চল হাইলাকান্দিতো বানৰ ভয়ংকৰ ৰূপ। মথাউৰি ছিগাৰ ফলত বানত বুৰ গৈছে বিস্তীৰ্ণ অঞ্চল। ইফালে, বৰাক উপত্যকাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ দুদিনীয়া কার্যসূচীৰে বৰাক উপত্যকাত উপস্থিত হৈছে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকা। আজি কৰিমগঞ্জলৈ যোৱাৰ পথত তেওঁ শিলচৰ চহৰৰ সমীপৰ শিববাৰী পথ এলেকা পৰিদৰ্শন কৰে। তেওঁ কয়, বৰাকত কেইবাদিনৰ পৰা ধাৰাষাৰ বৰষুণৰ ফলত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। কাছাৰত কোনো মথাউৰি ভঙা নাই। কৰিমগঞ্জত চাৰিটা মথাউৰি ভাঙিছে। অহা ১৫ দিনৰ ভিতৰত ভঙা মথাউৰি মেৰামত কৰা হ’ব। শিলচৰৰ শিৱবাৰী ৰোডৰ চিঙ্কিং ৰোড মেৰামত কৰিবলৈ গড়কাপ্টানী বিভাগৰ লগত আলোচনা মৰ্মে নিৰ্মাণ কৰা হ’ব বুলি তেওঁ কয়। ইপিনে কৰিমগঞ্জ জিলাৰ নিলাম বজাৰৰ গান্ধাই গাঁৱত লংগাই নৈয়ে সৃষ্টি কৰা বান পৰিস্থিতিৰ ফলত স্থানীয় ৰাইজে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে জ্ঞাত হৈ আজি অঞ্চলটো পৰিদৰ্শন কৰে মন্ত্ৰী। তেওঁ কয়,লংগাই নৈৰ বাঢ়নী পানী পথ এটিৰ ওপৰেৰে বাগৰি যোৱাৰ ফলত অঞ্চলটোৰ ৰাইজে বান পৰিস্থিতিৰ সন্মুখীন হৈছে। এই অঞ্চলটো পৰিদৰ্শন কৰাৰ মুহূৰ্তত বান ক্ষতিগ্ৰস্ত স্থানীয় লোক তথা পথ সুৰক্ষাৰ দিশটো সুনিশ্চিত কৰিবলৈ জলসম্পদ বিভাগৰ অভিযন্তা-বিষয়াসকলক নিৰ্দেশ দিয়ে তেওঁ। ইয়াৰ লগতে, বানাক্ৰান্ত ৰাইজক জিলা প্ৰশাসনৰ তৰফৰপৰা সাহায্য আগবঢ়োৱাৰ বিষয়টো সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায় মন্ত্ৰী পীযুষে। এই দিনা পৰিদৰ্শনৰ সময়ছোৱাত মন্ত্ৰীৰ সৈতে বিধায়ক ক্ৰমে কৌশিক ৰায়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, কমলাক্ষ দে’ পুৰকায়স্থ, বিজয় মালাকাৰ, বিজেপি নেত্ৰী শিপ্ৰা গুণ, কৰিমগঞ্জ জিলা বিজেপি সভাপতি সুব্ৰত ভট্টাচাৰ্য প্ৰমুখ্যে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু বিষয়াসকল উপস্থিত আছিল। বৰখলাৰ প্ৰাক্তন বিজেপি বিধায়ক কিশোৰ নাথৰ ঘৰৰ বেলকনিৰ বাহিৰেও আন কোঠা বানৰ কৱলত। কিশোৰ নাথে অভিযোগ কৰে যে বান নিয়ন্ত্ৰণ বিভাগক আগতীয়াকৈ অৱগত কৰা হৈছিল আৰু তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। তেওঁ কয় যে বিভাগীয় বিষয়াসকলৰ চৰম গাফিলতিৰ বাবে সেই অঞ্চলৰ ৰাইজে সম্প্ৰতি ভয়তে দিন পাৰ কৰিছে। প্ৰাক্তন বিধায়ক কিশোৰ নাথে কয় যে অতিৰিক্ত পানী বন্ধ কৰিবলৈ মথাউৰিৰ সলনি মথাউৰিটোৰ টেৰেচত কাম কৰি আছে। ইপিনে ৰিমালৰ প্ৰভাৱত ৰাজ্যত ধুমুহাৰ সৈতে অহা প্ৰৱল বৃষ্টিপাতৰ ফলত এতিয়া বিভিন্ন স্থানত বানপানীৰ সৃষ্টি হৈছে। কাছাৰৰ বৰখলাত জাটিঙ্গা নৈৰ পানী বৃদ্ধি পোৱাৰ ফলত এতিয়া বিভিন্ন স্থানত খহনীয়াৰ সৃষ্টি কৰি পৰিস্থিতি জটিল কৰি তুলিছে। বিশেষকৈ বৰখলাৰ ছেছৰী গাঁৱত গাওঁবাসীৰ চকুৰ সন্মুখতেই নৈৰ বুকত কেইবাটাও বাসগৃহ বিলীন হৈ পৰা দৃশ্যই সকলোকে ভীতিগ্ৰস্ত কৰি তোলাই নহয় তেওঁলোকৰ ভৱিষ্যতক লৈয়ো চিন্তিত কৰি তুলিছে। উল্লেখ্য যে যোৱা দুদিনৰ ধাৰাষাৰ বৰষুণত বৰাক,জাটিঙ্গা, মধুৰাসহ বিভিন্ন নৈ, উপনৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। ফলত প্ৰতিখন নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ মাজতে কাছাৰ বৰখলা ছেছৰী পুৰন্দৰপুৰ গাঁৱত জাটিঙ্গা নৈৰ খহনীয়াই লৈছে তীব্ৰ ৰূপ। জাটিঙ্গা নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলতে নৈৰ প্ৰবল সোঁতে উটুৱাই নিলে অঞ্চলটোৰ কেইবাটাও বাসগৃহ। গাওঁবাসীৰ চকুৰ সন্মুখতেই নৈৰ বুকুত বিলীন হৈছে চাৰিটাকৈ বাসগৃহৰ লগতে ভেঁটিমাটিসহ গছগছনি। এতিয়াও খহনীয়াৰ কৱলত আছে অঞ্চলটোৰ আন কেইবাটাও বাসগৃহ।যিকোনো সময়ত এই বাসগৃহ কেইটা নৈত জাহ যোৱাৰ আশংকা কৰা হৈছে। যাৰবাবে আতংকৰ মাজত দিন কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে। খহনীয়াৰ আতংকত প্ৰয়োজনীয় বয়বস্তু লৈ নিৰাপদ স্থানত আশ্ৰয় লৈছে খহনীয়াৰ কৱলত পৰা লোক সকলে। ইফালে এই লোকসকলৰ এনে বিপদৰ সময়ত প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। তেওঁলোকে আশ্ৰয় শিবিৰ বিচাৰিও প্ৰতিবাদ কৰিবলগীয়া এক পৰিস্থিতিৰ সূচনা হৈছে। ইপিনে হাইলাকান্দিত তাছলা মথাউৰি ভাঙি গৰাখহনীয়াত বুৰ গৈছে পূৱ হাইলাকান্দি। তিনিদিন ধৰি অবিৰত বৰষুণৰ ফলত কটাখাল নদী ৰঙা হৈ পৰিছে। পূব হাইলাকান্দিৰ নিমাইচান্দপুৰৰ তাছলা মথাউৰি ভাঙি কটাখল নদীৰ পানী। সমগ্ৰ পূব হাইলাকান্দি বানপানী। বৃহস্পতিবাৰে বানপানীয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে। বহু গাঁও পুনৰ পানীত বুৰ গৈছে। জলবন্দীক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰিছে এছডিআৰএফ বাহিনীয়ে। পূব হাইলাকান্দিৰ গাঁৱৰ পানীত বান্ধ খাই থকা গৃহবন্দীসকলক উদ্ধাৰ কৰি শিবিৰলৈ লৈ আহিছে এছডিআৰএফৰ জোৱানসকলে। ৰতনপুৰলৈ প্ৰেৰণ কৰা হৈছে এছ ডি আৰ এফৰ দল। ৰতনপুৰৰ বানপানীত নিৰুদ্দেশ হৈছে এগৰাকী মহিলা। বাহিনীয়ে তালাচী চলাই আছে স্থানীয় বিধায়ক জাকিৰ হোছেইন লস্কৰে ইতিমধ্যে পূব হাইলাকান্দিৰ বান পৰিস্থিতি সন্দৰ্ভত জিলা দণ্ডাধীশৰ সৈতে জৰুৰী বৈঠকত মিলিত হৈছে। জানিব পৰা মতে, বিতৰ্কিত তাচলা মথাউৰি নিৰ্মাণৰ মাত্ৰ চাৰি বছৰ পিছতে ভাঙি পৰাত জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হয়।কৰিমগঞ্জ কালিবাৰী ডাক বাংলা পথত যান-বাহন নিষেধাজ্ঞা। ইপিনে কৰিমগঞ্জ কুশিয়াৰা নদীৰ পানী বাঢ়ি যোৱাৰ ফলত বিপদসীমাৰ জলস্তৰ ওপৰেৰে বৈ যাবলৈ আৰম্ভ কৰিছে। সেয়ে কৰিমগঞ্জ চহৰৰ লগুৱা কুছিয়াৰা নদীৰ বিৰ্সজনঘাট পানীত ডুব গৈছে। ৰাতি যদি বৰষুণ হয় তেন্তে মহানগৰীত পানী প্ৰৱেশৰ সম্ভাৱনা অধিক। যাতে কৰিমগঞ্জ চহৰত কুশিয়াৰা পানী প্ৰৱেশ কৰিব নোৱাৰে। সেই উদ্দেশ্যে জিলা প্ৰশাসনে যুদ্ধকালীন কাম-কাজত জিঅ’ বেগ আৰু বালিৰ মোনা ব্যৱহাৰ কৰি পানী বন্ধ কৰাৰ ব্যৱস্থা কৰিছে। যান-বাহন আৰক্ষী অসম আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান থিয় হৈ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। ইয়াৰ সমান্তৰালকৈ কৰিমগঞ্জ আৰক্ষী টাউন কালিবাৰী ডাক বাংলা পথত তীব্ৰবেগী বাহন চলাচল বন্ধ কৰিবলৈ ন’ এণ্টি ব’ৰ্ডৰ সৈতে বাঁহৰ বেৰিকেড লগোৱা হৈছে।

প্ৰেৰক গৌতম তালুকদাৰ

Featured