নির্বাচন আহিছে… ৰাজনৈতিক নেতাৰ পদূলিত জাতীয়–জনগোষ্ঠীয় সংগঠনৰ নেতা

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ ‘কা’বিৰোধী আন্দোলনক হাথিয়াৰ কৰি ৰাজনীতিৰ পথাৰত নিজৰ স্থান নিগাজী কৰাৰ প্রতিযোগিতাত নামি পৰিছে একাংশ জাতীয়–জনগোষ্ঠীয় সংগঠনৰ নেতা৷ সৌ সিদিনালৈকে দিল্লী–দিছপুৰৰ প্রৱঞ্চনাৰ বিৰুদ্ধে সৰৱ হৈ থকা বহু নেতা এতিয়া ৰাজনৈতিক দলৰ পদূলিয়ে পদূলিয়ে ঘূৰি ফুৰিছে৷ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিজৰ জাতি–জনগোষ্ঠীৰ স্বার্থ এতিয়া এইসকল নেতাৰ বাবে গৌণ হৈ পৰিছে৷

এতিয়া স্বার্থান্বেষী নেতাসকলৰ উদ্দেশ্য এটাই– আসন্ন নির্বাচনত কোনো এটা ৰাজনৈতিক দলৰ পৰা প্রার্থিত্ব লাভ কৰা৷ এই লক্ষ্য আগত ৰাখি জাতীয়–জনগোষ্ঠীয় সংগঠনৰ কেইবাজনো নেতাই আৰম্ভ কৰা কুচকাৱাজ এতিয়া ৰাজহুৱা চর্চাৰ বিষয় হৈ পৰিছে৷ এইক্ষেত্রত প্রথম শাৰীত আছে মৰাণ ছাত্র সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ৷ দীর্ঘদিন ধৰি জনগোষ্ঠীয় ছাত্র সংগঠনটোৰ নেতৃত্ব বহন কৰি অহা অৰুণজ্যোতি মৰাণে শাসকীয় দল বিজেপিত যোগদান কৰাটো নিশ্চিত হৈ পৰিছে৷

দলটোৰ ৰাজ্যিক নেতৃত্বৰে তেওঁ যোগদান সম্পর্কীয় সকলো কথা–বতৰা ইতিমধ্যে চূড়ান্ত কৰিছে৷ প্রার্থিত্ব নিশ্চিত হ’লেই অৰুণজ্যোতি মৰাণে বিজেপিত যোগদান কৰিব৷ ইয়াৰ বাবে তেওঁ সাক্ষাৎ কৰিব বিচাৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক৷ জানিব পৰা মতে, অৰুণজ্যোতি মৰাণে ডিগবৈ নাইবা শদিয়া সমষ্টিত বিজেপিৰ প্রার্থিত্ব বিচাৰিছে৷ মুখ্যমন্ত্রী সোণোৱালৰ পৰা আশ্বাস পালেই তেওঁ শীঘ্রে বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিব৷ ইফালে, মটক যুৱ সন্মিলনৰ সভাপতি ডেভিদ চেতিয়ায়ো এতিয়া সুযোগৰ অপেক্ষাত আছে৷

এইগৰাকী জনগোষ্ঠীয় নেতাৰ লক্ষ্য হ’ল গঠন হ’বলগীয়া মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহীৰ আসনখন৷ ইয়াৰ বাবে ডেভিদ চেতিয়াৰ সন্মুখত বিজেপিত যোগদানৰ বাহিৰে আন কোনো বিকল্প নাই৷ কিন্তু তেওঁক লাগে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ আশ্বাস৷ প্রাপ্ত খবৰ মতে, মুখ্যমন্ত্রীৰ সাক্ষাৎ বিচাৰি তেওঁ শেহতীয়াকৈ গুৱাহাটীত বাহৰ পাতিছে৷ কিন্তু মুখ্যমন্ত্রী সোণোৱাল সম্প্রতি উজনি অসম ভ্রমণত ব্যস্ত থকা বাবে এতিয়ালৈকে সাক্ষাতৰ সময় লাভ কৰা নাই৷ মুখ্যমন্ত্রীয়ে চর্ত গ্রাহ্য কৰিলেই ডেভিদ চেতিয়াই বিজেপিত যোগদান কৰিব৷

একেদৰে চুতীয়া ছাত্র সন্থাৰ সম্পাদক মহেন বৰাৰ শেহতীয়াকৈ ঘনিষ্ঠতা বৃদ্ধি পাইছে অগপৰ সভাপতি অতুল বৰাৰ সৈতে৷ এইগৰাকী জনগোষ্ঠীয় নেতাই গোলাঘাট সমষ্টিৰ পৰা অগপৰ প্রার্থিত্ব বিচাৰিছে৷ প্রাৰম্ভিক কথা–বতৰা ইতিমধ্যে সম্পন্ন হৈ গৈছে৷ এতিয়া বাকী কেৱল যোগদানৰ আনুষ্ঠানিকতা৷ কংগ্রেছলৈ যোৱাৰ বাবে সাজু হৈছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উদয়ন গগৈ৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক সাক্ষাৎ কৰি ইতিমধ্যে তেওঁ নিজৰ ইচ্ছা ব্যক্ত কৰিছে৷ লাহোৱাল নাইবা ডিব্রুগড় যিকোনো এটা সমষ্টিৰ পৰা প্রার্থিত্ব বিচাৰিছে উদয়ন গগৈয়ে৷

অৱশ্যে এই বিষয়সমূহ এতিয়াও দৰ–দামৰ পর্যায়তে আছে৷ উল্লেখ্য যে ‘কা’বিৰোধী আন্দোলনত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজৰা বহু নেতাই ইতিমধ্যে শিবিৰ সলনি কৰি বিজেপি দলত যোগ দিছে৷ শেহতীয়াকৈ কেইবাগৰাকী ‘কা’বিৰোধী শিল্পীয়ে গেৰুৱা বসন পৰিধান কৰি চৰকাৰ আৰু বিজেপি দলৰ প্রতি নিজৰ সমর্থন ব্যক্ত কৰিছে৷ নেতা–শিল্পীৰ পাভলুটি মৰাৰ প্রক্রিয়া এতিয়াও অব্যাহত আছে৷ এইবাৰ প্রার্থিত্ব–পদবী বিচাৰি বিজেপি–কংগ্রেছ–গপ্ যোগ দিবলৈ সাজু হৈছে জাতীয়–জনগোষ্ঠীয় সংগঠনৰ কেইবাগৰাকীও শীর্ষ নেতা৷