নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰ্শকৰ আশিস বিচাৰি আহি আছে ‘প্ৰতিঘাত’

প্ৰতিঘাত চাবলৈ আহ্ৱান জুবিন গাৰ্গৰ

গুৱাহাটী, ২৮ নবেম্বৰঃ অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ আশাৰ বাৰ্তা কঢ়িয়াই অনা ‘কাঞ্চনজংঘা’, ‘ৰত্নাকৰ’ৰ পিছত মুক্তিৰ বাবে সাজু হৈছে আন এখন অসমীয়া ছবি ‘প্ৰতিঘাত’। মুক্তিৰ পূৰ্বেই ইতিমধ্যে চলচ্চিত্ৰ প্ৰেমীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে ছবিখনে। ইয়াৰ মাজতে বুধবাৰে মুকলি হ’ল ছবিখনপ্ৰৰ প্ৰথমটো ভিডিঅ’গীত। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ খাৰঘূলিস্থিত বাসগৃহত জুবিন গাৰ্গে মুকলি কৰে গীতটো। গীতটো মুকলি কৰি জুবিন গাৰ্গে কয় যে অসমীয়া ছবিলৈ ভাল দিন ঘূৰি আহিছে। প্ৰতিঘাটকো ৰাইজে আদৰি ল’ব। যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে অসমবাসীক ছবিখন চাবলৈ অনুৰোধ জনাইছে। ছবিখনৰ পৰিচালক অচিন্ত্য শংকৰ। অহা ৬ ডিচেম্বৰত মুক্তি পাব লগা ছবিখনত অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়া, অমৃতা গগৈ, দিগন্ত হাজৰিকা, পদ্মৰাগ গোস্বামী, জলী লস্কৰ, শিশু শিল্পী আশ্ৰমিকা শইকীয়াকে ধৰি বহু জনপ্ৰিয় শিল্পীয়ে।