নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাগতম ২০২০ : অসমীয়া ছবি পৰিচালকসকলৰ পৰিকল্পনা কি ?

২০২০ … নতুনক আদৰাৰ বাবে এতিয়া বিদায় দিব লাগিব ২০১৯ ক । মাজত মাত্ৰ কেইটামান ক্ষণ , তাৰ পাচতেই আমি ভৰি দিম ২০২০ ত । নতুন দিনবোৰক লৈ সকলোৰে থাকে পৰিকল্পনা আৰু আশা । অতীতৰ ভেটিৰে ভৱিষ্যতক শক্তিশালী কৰাৰ মানসেৰে সকলোৰে থাকে সপোন ।

অসমীয়া ছবি জগতত নতুন সম্পৰীক্ষা চলোৱা তেনে কেইজনমান পৰিচালকৰ নতুন বছৰৰ পৰিকল্পনা সন্দৰ্ভত আপোনালোকলৈ আগবঢ়াইছো এই প্ৰতিবেদন ….

  • ৰীমা দাস

নতুন বছৰৰ পৰিকল্পনা বুলিলে ছবি পৰিচালক হিচাপে থাকে বহু পৰিকল্পনা । নতুন বছৰৰ বাবে ইতিমধ্যে তিনিটা স্ক্ৰীপ্ট সাজু কৰা হৈছে যদিও বৰ্তমানলৈকে কাম আৰম্ভ কৰা নাই । অৱশ্যে আগন্তুক ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ কৰা হ’ব শ্বুটিঙৰ কাম । নতুন বছৰৰ পৰিকল্পনা বুলি ক’লে বিশেষ একো নাই , এইয়া মোৰ পৰিকল্পনা ।

সাম্প্ৰতিক অসমত সংঘটিত হৈ থকা এইধৰণৰ পৰিস্থিতি শান্ত হওঁক । আমি আচলতে আবেগবোৰক যুক্তিৰে পৰিচালিত কৰিব লাগিব । প্ৰতিযোগিতাৰ পৃথিৱীখনত মানুহ বহুদূৰ আগুৱাই গৈছে , গতিকে অসমীয়া জাতিয়েও এই প্ৰতিযোগিতাত আগুৱাব লাগিব । এনে এটা পৰিস্থিতিত ছাত্ৰ ৰাজপথলৈ ওলাই আহিছে , এইয়া জাতিৰ সংকট । কিন্তু আমি যাতে আকৌ পিছুৱাই নাযাওঁ সেয়াহে মই কামনা কৰোঁ । আবেগ আৰু বিশ্বাসক যুক্তিৰে চালিত কৰি আমি আগুৱাই যাব লাগিব । শেষত সকলোলৈকে জনালোঁ নৱবৰ্ষৰ হিয়াভৰা ওলগ ।

ৰীমা দাস, নতুনকৈ কোৱাৰ যেন প্ৰয়োজন নাই এইগৰাকী পৰিচালকৰ বিষয়ে । উত্তৰ-পূবৰ পৰা অস্কাৰৰ দৌৰলৈ যোৱা প্ৰথমখন ছবি ভিলেজ ৰকষ্টাৰছৰ জৰিয়তে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভ কৰা ৰীমা দাসে ২০০৯ চনত প্ৰথমখন চুটিছবিৰ জৰিয়তে খোজ দিছিল ছবিজগতত । তাৰ পাছত যেন থমকি ৰোৱা নাই এই যাত্ৰা , এটা কেনন ডি এছ এল আৰ কেমেৰাৰেই আৰম্ভ কৰিছিল প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি অন্তৰ্দৃষ্টি । অন্তৰ্দৃষ্টিৰ পাচত ভিলেজ ৰকষ্টাৰছ্ আৰু আৰু বুলবুল কেন ছিঙৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বহু ছবি মহোৎসৱত প্ৰশংসিত হৈছে এইগৰাকী অসমকন্যা ৰীমা দাস । 

  • বিশ্বজিত বৰা

– অসমৰ যি সামগ্ৰিক পৰিৱেশ, সেই পৰিৱেশ আৰু সমস্যাই মোক এজন অসমীয়া হিচপে ব্যথিত কৰি তুলিছে । অসমীয়া মানুহে ভোগ কৰা এনে পৰিস্থিতি আৰু এই অশান্তজৰ্জৰ পৰিৱেশ অচিৰেই নিপাত যাওঁক , এইয়া মোৰ আশা । এনে এক পৰিৱেশৰ মাজত এতিয়া প্ৰয়োজন হৈছে কৰ্ম বিপ্লৱ তথা সাংস্কৃতিক বিপ্লৱ । ইয়াৰ লগত সংগতি ৰাখি মই নিজাববীয়াকৈ আগন্তুক বৰ্ষত কেতবোৰ কাৰ্যপন্থা হাতত লৈছোঁ । ইতিমধ্যে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱা মোৰ নতুন ছবি ‘লখিমী’২০২০ বৰ্ষৰ এপ্ৰিল মাহৰ ২৪ তাৰিখে ছবিগৃহলৈ আহিব । তাৰ সমান্তৰালকৈ আন এখন ছবি মুকলি কৰি দিম ২০২০ বৰ্ষতে । ‘বেলকনিত ভগৱান’ (GOD ON THE BELCONY) নামৰ দৃশ্যগ্ৰহণ চলি থকা এইখন ছবিত অভিনয় কৰিছে বলীউডৰ এজন জনপ্ৰিয় অভিনেতাই ।

লগতে, আন এখন হিন্দী ছবিও মই অহা মাৰ্চৰ মাহৰ পৰা আৰম্ভ কৰিম । ছবিখনত বলীউডৰ অভিনেতা ৰাজেন্দ্ৰ গুপ্তাই মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে প্ৰায় দিনীয়া শ্বুটিং সম্পন্ন হ’ব ইন্দৰত । এখন মেট্ৰপলিটান চিটীৰ ওপৰত নিৰ্মিত ছবিখনৰ নাম হ’ব ‘ঘিৰনেছে পেহলে’ । এই সমূহ ছবি অহা বৰ্ষত মুক্তি লাভ কৰাৰ পাচতেই অক্টোবৰৰ মাহৰ পৰা বীৰাংগনা সতী সাধনীৰ ওপৰত নিৰ্মাণ কৰা হ’ব এখন নতুন ছবি । ইতিমধ্যে প্ৰায় দুটা বছৰ পূৰ্বৰ পৰাই এইখন ছবিৰ কাম অব্যাহত ৰখা হৈছে ।

ছবি নিৰ্মাণৰ লগতে মুম্বাইত ইতিমধ্যে মই কেতবোৰ সামাজিক কামৰ সৈতেও জড়িত হৈ আছোঁ । মোৰ পত্নী লোপামুদ্ৰা গগৈৰ সহযোগত অহা বৰ্ষত অসমৰ মইনা পাৰিজাতৰ আৰ্হিত মুম্বাইত ৰেইনব’ (RAINBOW) নামৰ এখন সাংস্কৃতিক বিদ্যালয়ৰ সম্পূৰ্ণ পাঠ্যক্ৰম আৰম্ভ কৰিম । এজন অসমীয়া হিচাপে অসমীয়া জাতি আৰু ভৱিষ্যতৰ স্বাৰ্থত সাংস্কৃতিক আৰু সামাজিকভাৱে এনেদৰেই কাম কৰি যোৱাৰ পৰিকল্পনা কৰিছোঁ । নিয়মীয়া বাৰ্তা ডিজিটেলৰ জৰিয়তে ৰাজ্যবাসীলৈ ইংৰাজী নতুন বৰ্ষৰ শুভকামনা জনাইছোঁ । নতুন বৰ্ষই ৰাজ্যলৈ পুনৰ কঢ়িয়াই আনক শান্তি-সম্প্ৰীতি ।

ভাৰতীয় চলচ্চিত্ৰত প্ৰথমখন কাৰ্বন নিউট্ৰেল ছবি ‘এইছা য়ে জাহা'(হিন্দী) ৰ পৰিচালনাৰ জৰিয়তে ছবি জগতত খোজ বিশ্বজিত বৰাৰ । ইয়াৰ পৰৱৰ্তী সময়ত চুপাৰহিট অসমীয়া ছবি ‘বহ্নিমান’ আৰু ‘ৰক্তবীজ’ৰ জৰিয়তে অসমীয়া দৰ্শকৰ আপোন হৈ পৰিছিল বৰা ।

  • মঞ্জুল বৰুৱা

– বৰ্তমান মই এখন তথ্যচিত্ৰৰ শেষ পৰ্য্যায়ৰ কাম কৰি আছো। নতুন বছৰত সোণাৰিৰ ঘৰত এটা সাংস্কৃতিক কেন্দ্ৰ প্ৰতিষ্ঠা কৰিম যাতে নৱ-প্ৰজন্মক লৈ নতুন খোজ দিব পাৰো । ২০২০ চনত এখন অসমীয়া চলচ্চিত্ৰৰো শ্বুটিঙৰ কাম কৰিম । বৰ্তমান তাৰ প্ৰাৰম্ভিক কাম কাজবোৰ চলি আছে । অহা ২০২০ বৰ্ষটোত ইমানেই মোৰ কৰ্ম পৰিকল্পনা । অৱশ্য এটা বছৰত বহুত বেছি কাম নকৰো ।

অসমীয়া চলচ্চিত্ৰ নতুন সম্পৰীক্ষাৰে আগবঢ়া মঞ্জুল বৰুৱাৰ ছবিয়ে আলোড়িত কৰে সকলোকে । ‘অন্তৰীণ’ৰ জৰিয়তে ছবিজগতত প্ৰৱেশ কৰা ‘কানীন’ হৈছে মঞ্জুল বৰুৱা শেহতীয়া ছবি । 

  • জ্যোতিষ কুমাৰ নাথ

নতুন বছৰ এটাক লৈ পৰিকল্পনা সকলোৰে থাকে , আশা-প্ৰত্যাশা সকলোৰে থাকে । মোৰ কোনো নতুন পৰিকল্পনা নাই , মই সদায় সৃষ্টিক লৈহে বেছি গুৰুত্ব প্ৰদান কৰো । গতিকে আহি থকা প্ৰতিটো দিনতে সৃষ্টি হ’ব লাগে । যি সৃষ্টিয়ে সমাজখন অথবা জাতিটোক পুনৰুজ্জীৱিত কৰিব পাৰে ।

অসমত পৰ্যাপ্ত পৰিমাণৰ চিনেমা হল নথকা বিষয়টোৱে চিনেমাৰ লগত জড়িত এজন হিচাপে মোক দুখ দিয়ে । চিনেমা হলৰ ক্ষেত্ৰত চৰকাৰে উপযুক্ত ব্যৱস্থা নল’লে ই কেতিয়াও এটা উদ্যোগ হৈ নুঠিব । গতিকে নতুন বছৰত চিনেমাৰ ক্ষেত্ৰত তেনে কোনো পৰিৱৰ্তন আহক এইয়া কামনা কৰো ।

চিনেমাৰ লগত জড়িত এজন ব্যক্তি হিচাপে প্ৰতিদিনে ২ জন অথবা ৩ জন দৰ্শকক একোখনকৈ নতুন চিনেমা যাতে দেখুৱাব পাৰোঁ তেনে এক আশা মনতে পুহি ৰাখিছো । ইতিমধ্যে কেতবোৰ আন্তঃৰাষ্ট্ৰীয় বিষয়ক লৈ নতুন ধৰণেৰে নতুন চিনেমা কৰাৰ পৰিকল্পনা কৰিছোঁ । দৈনন্দিন সমাজ অথবা বিষয়সমূহ যাতে সুক্ষ্ম ৰূপত তুলি ধৰিব পাৰো তাৰেই এক চেষ্টা অব্যাহত ৰাখিছো ।

অসমীয়া চলচ্চিত্ৰক নতুন মাত্ৰা প্ৰদানৰ যুঁজখনৰ এজন সৈনিক জ্যোতিষ কুমাৰ নাথ । চুটি ছবি ‘আঁচোৰ’ৰ জৰিয়তে ছবিজগতত প্ৰৱেশ কৰা জ্যোতিষ নাথৰ এইখন ছবিয়ে ২০১৫ চনত মুম্বাইত আঁজুৰি আনিবলৈ সক্ষম হৈছিল ‘YUPP টিভি’ চুটি ছবি বঁটা । ইফালে জাৰ্মানীতো প্ৰদৰ্শিত হৈছিল এইখন ছবি । ইয়াৰোপৰি বহু দেশী-বিদেশী চুটি ছবি মহোতসৱত প্ৰদৰ্শিত হৈছিল আঁচোৰ । দ্বিতীয়খন ছবি ‘বোধ’ স্বচ্ছ ভাৰত অভিযানৰ ছবি প্ৰতিযোগিতাত প্ৰশংসিত হোৱাৰ লগতে আঁজুৰি আনিছে বঁটা । ‘বদান্য’ আৰু ‘দ্য হোপ’ নামৰ আন দুখন চুটিছবিও ভিন্ন ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে । অসমীয়া ছবি ‘ৰক্তবীজ’ৰ সহ-পৰিচালক হিচাপেও আছিল জ্যোতিষ নাথ ।

যুগুতাইছেঃ পাৰ্থৱ শইকীয়া

You might also like