নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ প্ৰযোজনাৰে অসমীয়া ছবি ‘বকুল ফুলৰ দৰে’ৰ পোষ্টাৰ–প্রম’ মুকলি

বিশেষ বাৰ্তা, ১৬ নৱেম্বৰঃ ‘অসমীয়া চিনেমাৰ গৌৰৱোজ্জ্বল যাত্রা বহু প্রতিকূলতা নেওচি আগবাঢ়িছে৷ বিত্তীয় সমস্যাৰ বাবে অসমীয়া চিনেমা বহু সময়ত থমকি ৰৈছে৷ আঞ্চলিক ভাষাৰ ছবিৰ উত্তৰণ, ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত স্বীকৃতি দিয়াৰ বাবে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে পৰিকল্পনা গ্রহণ কৰিছে৷ এই পৰিকল্পনাৰ অংশ হিচাপে ২০১০ চনত প্রয়াত মুনিন বৰুৱাৰ পৰিচালনাত ‘ৰামধেনু’ ছবিখন নির্মাণ কৰিছিল৷ ইয়াৰ পাছত ‘পৰিচয়’ নামৰ ছবিখন নির্মাণ কৰা হৈছিল৷ অসমীয়া ভাষাত নির্মাণ কৰা ছবিক ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত স্বীকৃতি প্রদানৰ লগতে বাণিজ্যিকভাৱে সফল কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা চলাব৷’ –এই মন্তব্য প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাৰ৷ হোটেল তাজ ভিভাণ্টাত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘বকুল ফুলৰ দৰে’ অসমীয়া কথাছবিখনৰ প্রম’ আৰু পোষ্টাৰ মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰিণিকি ভূঞা শর্মাই লগতে কয় যে প্রবল সামাজিক চেতনাসম্পন্ন আঞ্চলিক ভাষাত নির্মাণ কৰা ছবি বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ বাবে নতুন চিন্তাধাৰাৰে কাম কৰি যাব৷ জয়পুৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱলৈ মনোনীত হোৱা ‘বকুল ফুলৰ দৰে’ ছবিখন দর্শক সমাজে আদৰি ল’ব বুলিও তেওঁ আশা প্রকাশ কৰে৷ এই অনুষ্ঠানতে ‘বকুল ফুলৰ দৰে’ ছবিখনৰ পোষ্টাৰ আৰু প্রম’ আনুষ্ঠানিকভাৱে মুকলি কৰে সাহিত্য অকাডেমি বঁটাপ্রাপক সাহিত্যিক তথা ছবিখনৰ কাহিনীকাৰ মৃণাল কলিতাই৷ ভাষণ প্রসংগত মৃণাল কলিতাই কয় যে জীৱনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি শিক্ষা আৰু সমাজ ব্যৱস্থাৰ উপস্থাপনেৰে ‘বকুল ফুলৰ দৰে’ উপন্যাসখন লিখি উলিয়াইছিল৷ পাঠক সমাজে উপন্যাসখন যিদৰে আদৰি লৈছে, ঠিক একেদৰে ছবিখনো দর্শক সমাজে আদৰি ল’ব বুলি তেওঁ আশা প্রকাশ কৰে৷ অনুষ্ঠানত ছবিখনৰ পৰিচালক সঞ্জীৱ হাজৰিকাই ভাষণ প্রসংগত কয় যে উপন্যাসতকৈ ছবিৰ আকর্ষণ যথেষ্ট বেছি৷ সেয়েহে কিশোৰৰ মনস্তত্ব আৰু শিক্ষা ব্যৱস্থাৰ ওপৰত নির্মাণ কৰা এই ছবিখন দর্শক, অভিভাৱক আৰু ছাত্র সমাজে আদৰি ল’ব৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মন্ত্রী অশোক সিংহলে ভাষণ প্রসংগত কয় যে জয়পুৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱলৈ ১২খন ৰাজ্যৰ আঞ্চলিক ভাষাৰ ছবি মনোনীত হৈছে৷ অসমীয়া ভাষাত নির্মাণ কৰা ‘বকুল ফুলৰ দৰে’ ছবিখনো এই মহোৎসৱলৈ মনোনীত হৈছে৷ জয়পুৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱৰ প্রচাৰ অসমৰ পৰা আৰম্ভ কৰাত অসমীয়া চিনেমাই এক নতুন গতি লাভ কৰিব৷ ভাষণ প্রসংগত তেওঁ লগতে কয় যে আঞ্চলিক ভাষাৰ চিনেমাৰ উত্তৰণৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন আঁচনি গ্রহণ কৰিছে৷ সেই আঁচনিসমূহে আঞ্চলিক ভাষাৰ চিনেমাক নতুন মাত্রা দিব বুলিও তেওঁ আশা প্রকাশ কৰে৷ এই অনুষ্ঠানতে জয়পুৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱৰ শিখা জ্বলাই প্রচাৰ অভিযান মুকলি কৰে ছবি মহোৎসৱৰ প্রতিষ্ঠাপক হানু ৰ’জে৷ অনুষ্ঠানত মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পার্থ সাৰথি মহন্ত, জয়পুৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱৰ উদ্যোক্তা নীতিন শর্মা, ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক ছৈয়দ জাৰিৰ হুছেইন, কৃষ্ণা বৰুৱা, অসমীয়া ছবিজগতৰ বহুকেইগৰাকী বিশিষ্ট প্রযোজক, অভিনেতা–ভিনেত্রী, বকুল ফুলৰ দৰে ছবিখনৰ শিল্পী, কলা–কুশলীসকল উপস্থিত থাকে৷ উল্লেখ্য যে এই ছবি মহোৎসৱত যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তই পৰিচালনা কৰা ‘হাড়গিলা’ শীর্ষক তথ্যচিত্রখনো প্রদর্শন কৰা হ’ব৷

You might also like