নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেছ ক্লাবত জুবিন–জুবলীৰ কণ্ঠত ‘মিলনৰ মুৰুলী’ৰ উন্মোচন

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ: সুৰকাৰ, সংগীত পৰিচালক দর্শন শইকীয়াৰ সুৰ, সংগীত আৰু জনপ্রিয় শিল্পী জুবিন গার্গ আৰু জুবলী বৰুৱাৰ কণ্ঠত TONE মিডিয়াৰ নিবেদনত মঙলবাৰে গুৱাহাটী প্রেছ ক্লাবত উন্মোচন কৰা হয় ‘মিলনৰ মুৰুলী’ শীর্ষক গীত আৰু ভিডিঅ’৷

গীতৰ কথা ডানিচ আহমেদৰ আৰু ভিডিঅ’ পৰিচালনা টিৰাপ সীমান্ত মেধিৰ৷ অভিনয়ত আছে গুঞ্জন ভৰদ্বাজ, মধুস্মিতা, পঞ্চীপ্রিয়া আৰু বহুতো অভিনয় শিল্পী৷ অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক, শব্দযন্ত্রী ভূপেন উজীৰ, অভিনেত্রী মৃদুলা বৰুৱা, জুবিন গার্গ, জুবলী বৰুৱা, জ্যোতি চিত্রবন ফিল্ম ছ’চাইটীৰ অধ্যক্ষ পৱিত্র মার্ঘেৰিটা, সুৰকাৰ, গীতিকাৰ দিগন্ত ভাৰতী, সংগীত পৰিচালক ৰূপম তালুকদাৰ, অনুপম শইকীয়া, কণ্ঠশিল্পী ৰূপম ভূঞা আদিয়ে গীতটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ উন্মোচন কৰি বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰে দর্শন শইকীয়াৰ সংগীতে অসমীয়া সংগীতক নতুন মাত্রা প্রদান কৰিব বুলি উল্লেখ কৰাৰ লগতে কাৰিকৰীভাৱে পৰিচালকগৰাকীৰ সাংগীতিক প্রয়োগৰ শলাগ লয়৷

যুৱপ্রজন্মৰ হার্টথ্র’ব জুবিন গার্গে সুৰকাৰ, সংগীত পৰিচালক দর্শন শইকীয়াৰ সুৰ আৰু সংগীতত মেলডীৰ প্রভাৱে আকৃষ্ট কৰা বুলি মন্তব্য কৰি জুবিন গার্গৰ কেইবাটাও নতুন গীত দর্শন শইকীয়াৰ সংগীতেৰে সংগীতপ্রেমীয়ে লাভ কৰিব বুলি জানিবলৈ দিয়ে৷ ভাতৃ–ভগ্ণী স্নেহৰ এক আৱেগিক সম্পর্ক গীতটিৰ জৰিয়তে অতি নিখুঁতভাৱে প্রকাশ পোৱা বুলি সাংস্কৃতিক সংগঠক পৱিত্র মার্ঘেৰিটাই মন্তব্য কৰে৷ অভিনেত্রী মৃদুলা বৰুৱাই বর্তমানৰ অসমীয়া সংগীতৰ সোঁতৰ বিপৰীতে এটা নিভাঁজ আৰু মিঠা গীত অসমৰ ৰাইজে লাভ কৰিলে বুলি উল্লেখ কৰে৷

You might also like