নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্ৰান্ত হ’ল বলীউডৰ এইগৰাকী কণ্ঠশিল্পী

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ বলীউডৰ বিখ্যাত কণ্ঠশিল্পী কনিকা কাপুৰ (Kanika Kapoor) ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে । তেওঁক ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পজিটিভ খবৰ পোহৰলৈ আহিছে ।

উল্লেখ্য যে কনিকা কাপুৰে ১৫ মাৰ্চত লণ্ডনৰ পৰা লক্ষ্ণৌলৈ উলতি আহিছিল । কিন্তু এই কথা তেওঁ লোকোৱাই ৰাখিছিল । ইফালে ইয়াৰ পাছতে তেওঁ লক্ষ্ণৌৰ গেলেণ্ট এপাৰ্টমেণ্টত ১০০ গৰাকীতকৈও অধিক লোকক পাৰ্টী দিছিল । য’ত এই পাৰ্টীত বহুকেইগৰাকী ৰাজনৈতিক নেতা আৰু বিষয়াও উপস্থিত আছিল ।

কিন্তু ইয়াৰ পাছতে আজি তেওঁক ক’ৰোনাত আক্ৰান্ত বুলি চিনাক্ত কৰা হ’ল ।

ইফালে এইপৰ্যন্ত কনিকা হৈছে ভাৰতৰ প্ৰথমগৰাকী চেলিব্ৰেটী, যাৰ দেহত কোৰোণা ভাইৰাছ ধৰা পৰিছে ।

You might also like