নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা সংক্ৰমণ ৰোধঃ ফাঁচীবজাৰত উচ্ছেদ

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ পাচতেই এতিয়া ৰাজ্যত আৰম্ভ হৈছে সজাগতা । ৩১ মাৰ্চলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ দিয়াৰ সমান্তৰালকৈ বন্ধ ৰখা হৈছে বাৰ, নাইট ক্লাৱ , স্পা আৰু চেলুন ।

জনসমাগম ৰোধৰ বাবে ৰাজ্য চৰকাৰে বহু গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰাৰ পাচতেই বৃহস্পতিবাৰে মহানগৰীৰ ফাঁচীবজাৰত উচ্ছেদ অভিযান চলাই প্ৰশাসনে । পৌৰ নিগমৰ উচ্চপদস্থ বিষয়াৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত প্ৰশাসনে ব্যস্ততাপূৰ্ণ ফাঁচীবজাৰৰ জনসমাগম ৰোধৰ বাবে পদপথৰ দোকানসমূহত উচ্ছেদ অভিযান চলায় ।

আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে ৰাইজক এই ভাইৰাছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ লগতে জনসমাগম ৰোধৰ আহ্বান জনায় । চৰকাৰে জাৰি কৰা প্ৰতিটো নিয়ম মানি সতৰ্কতা অৱলম্বন কৰিলেহে এই মাৰাত্মক ভাইৰাছৰ পৰা আঁতৰিব পাৰিব বুলিও উল্লেখ কৰে ভাস্কৰজ্যোতি মহন্তই ।

You might also like