নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্রণ নাপালে অর্জুন ভোগেশ্বৰ বৰুৱাই

শিৱসাগৰত তীব্র প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা খেলো ইণ্ডিয়া য়ুথ গেছমৰ উদ্বোধনী অনুষ্ঠানলৈ কিংবদন্তি ক্রীডাবিদ তথা উত্তৰ–পূবৰ প্রথমগৰাকী অর্জুন সন্মানেৰে সন্মানিত ভোগেশ্বৰ বৰুৱাক নিমন্ত্রণ নজনোৱাক লৈ শিৱসাগৰত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে ৷ প্রথমবাৰৰ বাবে অসমত অনুষ্ঠিত প্রতিযোগিতাখনৰ উদ্বোধনী কার্যসূচীলৈ আনুষ্ঠানিক নিমন্ত্রণ নোপোৱা কার্যত তীব্র ক্ষোভ প্রকাশ কৰিছে ভোগেশ্বৰ বৰুৱাই ৷

এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি ভোগেশ্বৰ বৰুৱাই কয় যে দহ দিন পূর্বে দিছপুৰ সচিবালয়ৰ পৰা এগৰাকী শীর্ষ প্রশাসনিক বিষয়াই ফোন কৰি ভোগেশ্বৰ বৰুৱাৰ ঠিকনা সংগ্রহ কৰি খেলো ইণ্ডিয়া কার্যসূচীৰ উদ্বোধনী অনুষ্ঠানৰ বাবে নিমন্ত্রণী–পত্র প্রেৰণ কৰা হ’ব বুলি জনাইছিল ৷ কিন্তু দহটা দিনৰ পাছতো চৰকাৰী নিমন্ত্রণী–পত্রখন ভোগেশ্বৰ বৰুৱাই লাভ নকৰিলে ৷ তিনি দিন পূর্বে দিছপুৰৰ পৰা এগৰাকী ক্রীড়া বিভাগৰ সঞ্চালকে ফোনযোগে খেলো ইণ্ডিয়াৰ কথা অৱগত কৰিছিল যদিও আনুষ্ঠানিক পত্রৰ কথা একো নক’লে ৷ জিলা প্রশাসনৰ তৰফৰ পৰাও কোনো ধৰণৰ আনুষ্ঠানিক পত্র লাভ কৰা নাই বুলি অর্জুন ভোগেশ্বৰ বৰুৱাই সদৰী কৰে ৷

উল্লেখ্য যে ১৯৬৬ চনত বেংকক এছিয়ান গেমছত সোণৰ পদক অর্জনেৰে প্রথমগৰাকী উত্তৰ–পূর্বাঞ্চলৰ অর্জুন বঁটাপ্রাপক হিচাপে পৰিচিত ভোগেশ্বৰ বৰুৱাই ১৯৬২ চনৰ পৰা ১৯৯২ চনলৈকে একেৰাহে এছিয়ান গেমছ, নেচনেল গেমছ, অপেন ইণ্ডিয়া অল ইণ্ডিয়া ভেটার্ন গেমছৰ লগতে দেশে–বিদেশে অনুষ্ঠিত ৰাষ্ট্রীয় পর্যায়ৰ প্রতিযোগিতাত প্রায় ২৫বাৰতকৈ অধিক অংশগ্রহণ কৰি একুৰি সোণৰ পদক অর্জনেৰে দেশৰ লগতে অসমলৈও বিৰল সন্মান অর্জন কৰি আনিছিল ৷

You might also like