নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গছতলৰ পৰা শ্ৰেণীকোঠালৈ বিহুঃ পাঠ্যপুথিৰ বিষয় হ’ব বাপতিসাহোন

নিয়মীয়া বাৰ্তা,২৭ নৱেম্বৰঃ প্ৰথমবাৰলৈ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব অসমৰ চেনেহৰ ‘বিহু’। আগন্তুক ২০২০ বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে প্ৰথমবাৰৰ বাবে ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব বিহু । এই নতুন বিষয়ত কি কি থাকিব, বিহু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’লে অসমৰ নৱপ্ৰজন্মই কি কি শিকিব পাৰিব, ইয়াকে লৈ মঙলবাৰে শিক্ষা সংসদত অসমৰ বিহু বিশেষজ্ঞ, শিক্ষাবিদৰ লগত শিক্ষা সংসদৰ অধ্যক্ষ-সচিবৰ অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক । ইতিমধ্যে বিহু বিষয়কলৈ প্ৰথম ভাগ আৰু দ্বিতীয় ভাগ কৰি শিক্ষা সংসদে আৰম্ভ কৰিছে পাঠ্যপুথি প্ৰণয়নৰ কাম । উল্লেখ্য যে, বিহুৰ ক্ৰমবিকাশ আৰু ঐতিহ্য প্ৰথম ভাগৰ প্ৰথম অধ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে । দ্বিতীয় অধ্যায়ত থাকিব বিহুগীত । তৃতীয় অধ্যায়ত থাকিব বিহুৰ বাদ্যৰ সাধাৰণ পৰিচয় আৰু ইয়াৰ প্ৰস্তুত প্ৰণালী । একেদৰে এই নতুন পাঠ্যপুথিত থাকিব বিহুৰ লোকাচাৰ আৰু লোকবিশ্বাস । বিহু কিয় পালন কৰা হয়, সেয়াও পাঠ্যপুথিৰ জৰিয়তে সম্পূৰ্ণ আভাস দিছে শিক্ষা সংসদে । তদুপৰি বিহু নৃত্যৰ লগতে বিহুৰ ছেও, সাজপাৰ, বিহুৰ খেল-ধেমালি, বিহুৰ অলংকাৰৰ বিষয়েও বিশদভাৱে অন্তৰ্ভুক্ত কৰা হৈছে পাঠ্যপুথিত । এক অৰ্থত অসমীয়াৰ বাপতি সাহোন তিনিওটা বিহুৰে স্বকীয় বৈশিষ্ট্য আৰু মাদকতাক পাঠ্যপুথিত বিশদভাৱে তুলি ধৰা হ’ব বুলি মন্তব্য কৰিছে শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে । ইয়াৰে লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকসকলে বিহু কেনেদৰে উদযাপন কৰে তাৰো আভাস দিয়া হ’ব এই নতুন বিষয়ত ।

You might also like