নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত পুনৰ নির্বাচনী হিংসা, জ্বলাই দিলে ইউপিপিএলৰ নির্বাচনী কার্যালয়

নিয়মীয়া বার্তা, ১৮ মাৰ্চঃ চিৰাঙত পুনৰ সংঘটিত হ’ল নির্বাচনী হিংসা ৷ দ্বিতীয়বাৰৰ বাবে আক্রমণৰ লক্ষ্য হৈ পৰিল ইউপিপিএলৰ নির্বাচনী কার্যালয় ৷ কোনো অচিনাক্ত দুষৃকতিকাৰীয়ে সোমবাৰে নিশা প্রায় ২ বজাৰ পৰা পুৱতিনিশা ৩ বজাৰ ভিতৰত ঢালিগাঁও থানাৰ অন্তর্গত বেংতল গেটত স্থাপন কৰা ইউপিপিএল দলৰ নির্বাচনী কার্যালয়টো জ্বলাই দিয়ে ৷ অচিনাক্ত দুর্বৃত্তৰ দলটো এখন বলেৰ’ৰে আহিছিল বুলি জানিব পৰা গৈছে ৷ বেংতল গেটস্থিত (চাপাগুৰি) কাজলগাঁও নির্বাচনী কার্যালয়টো জ্বলাই থৈ যোৱাৰ ক্ষন্তেক সময়ৰ পিছতে নিশাৰ টহলদাৰী পুলিচৰ দলে কার্যালয়টো জ্বলি থকা দেখি জুই নির্বাপিত কৰে ৷

You might also like