নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনস্বার্থত ৰাজ্যজুৰি ৰাজপথলৈ ওলাল শিক্ষাগুৰু

নিয়মীয়া বার্তা, ১৯ মার্চঃ বিশ্বজোৰা আতংক সৃষ্টিকাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাই সকলোকে চিন্তিত কৰি তোলাৰ সময়তেই বুধবাৰে ইয়াক লৈ সজাগতা সৃষ্টিৰ লক্ষ্যৰে শিক্ষামন্ত্রীৰ আহ্বানত ৰাজপথত নামিল শিৱসাগৰৰ শিক্ষক সমাজ ৷ বর্তমানে প্রতিষেধক উপলব্ধ নোহোৱা ভাইৰাছক প্রতিহত কৰাৰ একমাত্র আহিলা প্রতিৰোধ ৷ প্রতিৰোধেই এতিয়া এই মাৰাত্মক ভাইৰাছৰ একক চিকিৎসা ৷ ৰাজ্য চৰকাৰৰ নির্দেশত শিক্ষামন্ত্রীৰ আহ্বানত বুধবাৰে এনেদৰেই সজাগতাৰ উদ্দেশ্যে নামি পৰিল শিক্ষক সমাজ ৷ অভিযানৰ অংশৰূপে একাংশ শিক্ষকে চহৰৰ বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠানত উপস্থিত হৈ ল’বলগীয়া সাৱধানতাৰ কথা উল্লেখ কৰে ৷ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষকসকলে হাতত ক’ৰোনা ভাইৰাছৰ ইতিবৃত্ত লৈ দোকানে দোকানে সোমাই ভাইৰাছবিধৰ ভয়াৱহতা আৰু ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় বিশ্লেষণ কৰে ৷ আনহাতে বিশ্ববিদ্যালয় আয়োগৰ নির্দেশ অনুসৰি মহাবিদ্যালয়সমূহে চাৰি–পাঁচখন গাঁৱৰ দায়িত্ব লৈ ক’ৰোনা ভাইৰাছৰ বিষয়ে সজাগতা গঢ়াৰ চেষ্টা কৰাৰ লগতে এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে, সেইসমূহো প্রদর্শনৰ অভিযান হাতত লয় ৷ কলেজ শিক্ষকৰ লগতে প্রাথমিক বিদ্যালয়ৰ শিক্ষকসকলেও ক’ৰোনা ভাইৰাছৰ সজাগতা সভা শিৱসাগৰত অনুষ্ঠিত কৰে ৷ ১৮নং কাথপাৰ প্রাথমিক বিদ্যালয়ৰ শিক্ষকসকলে বিদ্যালয়ৰ ছাত্র–ছাত্রীৰ লগতে অভিভাৱকসকলক ক’ৰোনা ভাইৰাছৰ বিষয়ে অৱগত কৰি ল’ব লগা সাৱধানতাৰ বিষয়ে জ্ঞাত কৰায় ৷

You might also like