নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত অইল নিৰাপত্তাৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ চোৰাং কণ্ডেনছেট তেল জব্দ

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ দুলীয়াজানত অইল ইণ্ডিয়া নিৰাপত্তা বিভাগৰ অভিযান । পুৱতি নিশা দুলীয়াজান-ডিগবৈ সংযোগী পথৰ পদুমণি অঞ্চলত অইল নিৰাপত্তা বিভাগে বৃহৎ পৰিমাণৰ অইলৰ চুৰি কণ্ডেনচেট তেল সহ এখন বিলাসী (AS 06 Y 7233 ) নম্বৰৰ মাৰুতি ইক’ গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে ইক’ গাড়ী খনত চালকসহ দুটা চোৰ আছিল যদিও নিৰাপত্তাৰক্ষীৰ অভিযানৰ উমান পায় চোৰ দুটাই গাড়ী এৰি পলায়ন কৰে । অইল নিৰাপত্তা বিভাগে জব্দ কৰা গাড়ীখনৰ পৰা মুঠ তিনিটা ড্ৰামৰ পৰা বুজন পৰিমাণৰ পৰা অইলৰ চুৰি কণ্ডেণচেট তেল জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে নিৰাপত্তা বিভাগে জব্দ কৰা গাড়ী সহ চুৰি তেল খিনি দুলীয়াজান আৰক্ষীক চমজাই দিয়ে। জব্দ কৰা চুৰি কণ্ডেণচেট তেলৰ মূল্য প্ৰায় ত্ৰিশ হেজাৰ টকাৰ হ’ব বুলি জানিবলৈ দিছে।

You might also like