নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত ক’ৰোনা ভাইৰাছৰ সন্দেহত সাতজনক নিৰীক্ষণত

নিয়মীয়া বার্তা, ১৮ মাৰ্চঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছক লৈ জনগণ আতংকিত হৈ থকাৰ সময়তে নলবাৰীত ক’ৰোনা ভাইৰাছৰ সন্দেহত সাতজনক নিৰীক্ষণত ৰাখিছে নলবাৰীৰ স্বাস্থ্য বিভাগে ৷ নলবাৰীৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে, চীনৰ পৰা দুগৰাকী, থাইলেণ্ডৰ পৰা চাৰিগৰাকী আৰু মালয়েছিয়াৰ পৰা অহা এগৰাকী লোককে ধৰি মুঠ সাতগৰাকী লোকক ৰাখিছে নিৰীক্ষণত ৷ ইতিমধ্যে জিলাখনৰ বিভিন্ন স্থানত ক’ৰোনাৰ আতংকত আতংকিত নহ’বলৈ সজাগতা সৃষ্টিত গুৰুত্ব দিয়াৰ কথা ব্যক্ত কৰিছে নলবাৰীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে ৷ সঞ্চালকগৰাকীয়ে জনোৱা মতে, ইতিমধ্যে চেন্নাইৰ পৰা অহা দম্পতীটো ক’ৰোনা ভাইৰাছমুক্ত বুলি উল্লেখ কৰি তেওঁলোকক নিজ গৃহলৈ যাবলৈ দিয়া হৈছে ৷ ইফালে, অন্য এগৰাকী কিশোৰ ছাত্রসহ পৰিয়ালটো বেংককলৈ যোৱাৰ পৰিপ্রেক্ষিতত কিশোৰগৰাকীকো অসুস্থতাৰ পৰিপ্রেক্ষিতত নলবাৰী অসামৰিক চিকিৎসালয়ৰ আছুতীয়া ৱার্ডত ৰাখি পৰীক্ষাৰ ব্যৱস্থা কৰাৰ কথা ব্যক্ত কৰি কোনো লোকে যাতে ভাইৰাছৰ আতংকত আতংকিত নহয়, তাৰ বাবে সকলোকে সজাগ দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিষয়াগৰাকীয়ে ৷

You might also like