নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঁহীবাদক দিলীপ হীৰাৰ প্রতিভাত মুগ্ধ শংকৰ মহাদেৱন

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ খেলো ইণ্ডিয়া য়ুথ গেমছৰ উদ্বোধনী অনুষ্ঠানত ভাগ ল’বলৈ অসমলৈ অহা বলীউডৰ প্রখ্যাত কণ্ঠশিল্পী তথা সংগীতকাৰ শংকৰ মহাদেৱনে অসমৰ এজন অখ্যাত বাঁহীবাদকৰ প্রতিভাত মুগ্ধ হয় ৷ গুৱাহাটীৰ এখন ৰেষ্টুৰেণ্টত পুৱাৰ আহাৰ গ্রহণ কৰিবলৈ যোৱাৰ সময়তে ৰেষ্টুৰেণ্টৰ বাহিৰত বাঁহী বজাই থকা প্রতিভাৱান যুৱকজনক তেওঁ প্রত্যক্ষ কৰে ৷ অখ্যাত যুৱকজনৰ বাঁহীবাদনত গভীৰভাৱে আপ্লুত হৈ শংকৰ মহাদেৱনে তেওঁৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰে আৰু ছ’চিয়েল মিডিয়াত প্রতিভাৱান যুৱকজনৰ মন পৰশা বাঁহীবাদন আপলোড কৰে ৷ ইয়াৰ পাছতে খন্তেকৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে অসমৰ এইগৰাকী অখ্যাত বাঁহীবাদকৰ বিৰল প্রতিভা ৷ শংকৰ মহাদেৱনৰ সান্নিধ্য লাভ কৰি দেশজুৰি খ্যাতি অর্জন কৰা এই বাঁহীবাদকগৰাকী হ’ল দিলীপ হীৰা ৷ বলীউডৰ প্রতিষ্ঠিত কণ্ঠশিল্পীগৰাকীয়ে ছ’চিয়েল মিডিয়াত অসম সন্তান দিলীপ হীৰাক অত্যন্ত প্রতিভাশালী আখ্যা দিছে ৷

You might also like