নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশলৈ সৰবৰাহৰ পথত চোৰাং গৰুভর্তি ৬খন ট্রাক জব্দ আৰক্ষীৰ

ৰাজ্যিক–ৰাষ্ট্রীয় পথেৰে বহিঃৰাজ্য–ৰাষ্ট্রলৈ পুনৰ গোধনৰ অবাধ চালান

নিয়মীয়া বার্তা, ২ ফেব্রুৱাৰীঃ অবিভক্ত নগাঁও জিলাৰ বিভিন্ন ঠাইৰ পৰা বহিঃৰাজ্য আনকি প্রতিৱেশী বহিঃৰাষ্ট্র বাংলাদেশলৈকো অবৈধভাৱে গৰু সৰবৰাহ কৰা এক বৃহৎ চক্র সক্রিয় হৈ আছে নগাঁও জিলাত ৷ সম্পূর্ণ অবৈধভাৱে বহিঃৰাজ্য, বাংলাদেশলৈকো গৰু সৰবৰাহ কৰা বৃহৎ চক্রটোৰ লগত জড়িত হৈ আছে প্রতিবেশী ৰাজ্য মেঘালয়ৰ এক আন্তঃৰাজ্যিক গৰু সৰবৰাহকাৰী চক্র ৷ এই চক্রটোৱে নগাঁও জিলাৰ মাজেৰে কেইবাটাও ৰাজ্যিক পথ আৰু ফ’ৰলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথেৰেই বাংলাদেশলৈ ট্ৰাকে ট্ৰাকে গৰু অবৈধভাৱে সৰবৰাহ অব্যাহত ৰাখিছে ৷ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ বিভিন্ন আৰক্ষী থানাৰ সন্মুখেদিয়েই ট্ৰাকে ট্ৰাকে গৰু সৰবৰাহ কৰি থকা পৰিলক্ষিত হৈছে ৷ প্রায় প্রতিদিনেই নিশা হ’লেই এই চোৰাং ব্যৱসায়ীসকলে জিলাকেইখনৰ বিভিন্ন পথেৰেই নির্বিঘ্নে গৰু ভর্তি ট্ৰাকসমূহ নগাঁও–গুৱাহাটী পথেৰে যোৰাবাটৰ পৰা মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰে ৷ নগাঁও আৰক্ষীয়েও বিগত বর্ষটোত বিভিন্ন সময়ত অভিযান চলাই শতাধিক চোৰাং গৰুভর্তি ট্ৰাক জব্দ কৰাৰ উপৰি কেইবাশ পশু ধন জব্দ কৰে ৷ লগতে দুকুৰিৰো অধিক চোৰাং গৰু সৰবৰাহকাৰীকো গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও মাজে মাজে অতি ৰহস্যজনক কাৰণত আৰক্ষীৰ অভিযান স্তিমিত হৈ পৰে ৷ সেই সময়তেই পুনৰ সক্রিয় হৈ পৰে গৰু সৰবৰাহকাৰী চক্রসমূহ ৷ শুকুৰবাৰে নগাঁও আৰক্ষীয়ে এক গোপন সূত্রৰ খবৰ লাভ কৰে যে জিলাখনৰ মাজেৰে বাংলাদেশলৈ কেইবাখনো ট্ৰাকত বহু পশু ধন অবৈধভাৱে সৰবৰাহ কৰা হৈছে ৷

সেই খবৰৰ ভিত্তিত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কার্যালয়) মোহনলাল মীনাৰ নেতৃত্বত নগাঁৱৰ এটা আৰক্ষীৰ দলে চহৰখনৰ সমীপৱর্তী পলাশনি দলঙৰ ওচৰত অভিযান চলাই ৰূপহীৰ পৰা অবৈধভাৱে গৰু সৰবৰাহ কৰি অনা ৬খন চোৰাং গৰুভর্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে এম এল–০৫ এছ–৪০১৪, এম এল–০৫ টি–৫৮৭৮, এম এল–০৪ চি–৫৩৬৭, এ এছ–০১ জি চি–২৪৮৭, এম এল–০৫ এছ–২৬১৪ আৰু এ এছ–০৬ বি চি–৩৮৮৮ নম্বৰৰ ট্ৰাককেইখনৰ পৰা মুঠ ১৫১টা পশুধন জব্দ কৰে ৷ সম্পূর্ণ অবৈধভাৱে ট্ৰাকেৰে এই গৰুসমূহ সৰবৰাহ কৰি অনা মুঠ ১৩জন চোৰাং গৰু সৰবৰাহকাৰীকো আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৷ ধৃত চোৰাং গৰু সৰবৰাহকাৰীকেইজন হ’ল– জুৰীয়া কালিয়াডিঙাৰ আতাউৰ ৰহমান (২০), মেহদি আলম (২৮), ৰূপহীৰ ৰুবুল আমিন, আবিদুৰ ৰহমান (২৭), খাইৰুল ইছলাম (৩৭), মেঘালয়ৰ ৰিজন চুছনী (৩০), ইকুয়েষ্ট লাংছিয়াং (২৫), লক্ষণ ছৰী, ডকালনিকী ফাৱা, কমভালং খাছানহ (৩৯), হাফিজুল ইছলাম (৩৮) লনকে মুখিমে (২৭) আৰু চংলাংকী বাৰেহ ৷ আৰক্ষীয়ে চোৰাং সৰবৰাহকাৰী দলটোৱে ব্যৱহাৰ কৰা এ এছ–০২ এইচ–৭৮৪৬ নম্বৰৰ ছুইফট ডিজায়াৰ গাডী এখনো জব্দ কৰিছে ৷ আৰক্ষীয়ে ধৃত চোৰাং সৰবৰাহকাৰীকেইজন নগাঁও সদৰ আৰক্ষী থানালৈ আনি মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ ইপিনে আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি, গৰু সৰবৰাহকাৰী দলটোৱে এই গৰুসমূহ জিলাখনৰ ৰূপহীৰ পৰা নগাঁও–লাওখোৱা ৰাজ্যিক ঘাইপথটোৰে ৩৭ নম্বৰ ৰাষ্ট্রীয় ঘাইপথ হৈ মেঘালয়লৈ আৰু তাৰ পৰাই বাংলাদেশলৈ চালান দিবলৈ বুলি লৈ আনিছিল ৷ দলটোৰ হাতত গৰু ক্রয় কৰা আৰু গৰু সৰবৰাহ কৰাৰ যাৱতীয় কোনোধৰণৰ নথি–পত্র নাছিল বুলিও সূত্রটোৱে সদৰী কৰিছে ৷

You might also like