নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ দ্বিতীয়খন প্রার্থী তালিকা প্রকাশঃ চুবাইঝাৰ সমষ্টিৰ প্রার্থী প্রত্যাহাৰ

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ বিজেপিয়ে সোমবাৰে ২০জনীয়া প্রথমখন প্রার্থী তালিকা প্রকাশৰ পিছত মঙলবাৰে আৰু পাঁচটা সমষ্টিৰ বাবে দ্বিতীয়খন প্রার্থী তালিকা প্রকাশ কৰে ৷ ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা নির্বাচন সমিতিৰ সম্পাদক সাংসদ দিলীপ শইকীয়াই এক বিজ্ঞপ্তিত প্রকাশ কৰা অনুসৰি মঙলবাৰে চৰাইবিল সমষ্টিত উলিয়াম নার্জাৰী, দোতমা সমষ্টিত বিভূতি বৰগয়াৰী, চালাকাটি সমষ্টিত কবিতা বসুমতাৰী, চিৰাং সমষ্টিত অলক বসুমতাৰী আৰু খালিংদুৱাৰ সমষ্টিত অর্জুন দৈমাৰীক দলীয় টিকট দিয়া হৈছে ৷ আনহাতে, চুবাইঝাৰ সমষ্টিত দলীয় প্রার্থিত্ব দিয়া লক্ষীনাথ বসুমতাৰীৰ প্রার্থিত্ব বিজেপিৰ ৰাজ্যিক নির্বাচন কমিটীয়ে প্রত্যাহাৰ কৰা বুলি বিজ্ঞপ্তিখনত উল্লেখ কৰিছে ৷

You might also like