নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ফলাফল বেয়া হোৱা নাইঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বার্তা ১২ ফেব্রুৱাৰীঃ দিল্লীৰ বিধানসভা নির্বাচনত বিজেপিৰ প্রদর্শন সন্দর্ভত মঙলবাৰে নগাঁৱত প্রতিক্রিয়া প্রকাশ কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ কয় যে দিল্লীৰ নির্বাচনত ভাৰতীয় জনতা পার্টীয়ে ভাল ফলেই দেখুৱাইছে৷ আমি যিমান ভাবিছিলো তাতকৈ ফলাফল বেয়া হোৱা নাই৷ মন্ত্রীগৰাকীয়ে লগতে কয় যে বিনামূলীয়া বিজুলী সেৱা, বিনামূলীয়া পানীৰ যোগানে দিল্লীৰ নির্বাচনত কিছু প্রভাৱ পেলাইছে৷ আনহাতে দিল্লীত লোকসভা নির্বাচনত ভাৰতীয় জনতা পার্টীয়ে আটাইকেইখন আসন দখল কৰিব বুলি কোৱাৰ লগতে দিল্লীৰ নির্বাচনে অসমত ২০২১ চনত প্রভাৱ পেলাব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণোত্তৰত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২১ চনত সাংবাদিকে ভোট দিলেহে আমাৰ দিকদাৰ হ’ব বুলি মন্তব্য কৰে৷

You might also like