নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ প্ৰথমটো ভ্ৰাম্যমাণ হাতী খেদা যন্ত্ৰৰ পৰীক্ষামূলক প্ৰয়োগ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ অসমত বৃদ্ধি পাই অহা হাতীৰ উপদ্ৰৱৰ সময়তে আহিছে এটা ভাল খবৰ । হাতী-মানুহৰ সংঘাত ৰোধৰ লক্ষ্যৰে বুধবাৰে এই যন্ত্ৰৰ পৰীক্ষামূলক প্ৰয়োগ সম্পন্ন হয় গোলাঘাটৰ ভিন্ন প্ৰান্তত । বিশেষকৈ গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙি অঞ্চলত দীৰ্ঘদিন ধৰি অব্যাহত থকা হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে আগবাঢ়িছে আহিছে এটা স্বেচ্ছাসেৱী সংস্থা । উত্তৰ-পূব উদ্ভাৱন কেন্দ্ৰ নামৰ শিৱসাগৰৰ এটা বেচৰকাৰী সংস্থাই গোলাঘাট জিলা বন বিভাগৰ সহযোগত হাতীৰ অৱস্থিতি নিৰ্ণয় কৰি প্ৰয়োগ কৰিছে যন্ত্ৰটিৰ শব্দৰ লগতে চকুত আঘাত কৰিব পৰাকৈ বিশেষ ৰশ্মি । অতি অত্যাধুনিক ৰূপত গঢ়ি তোলা এই যন্ত্ৰটোৱে হাতীৰ অৱস্থিতি নিৰূপণ কৰি ইয়াক প্ৰয়োগৰ জৰিয়তে অঞ্চলটোৰ পৰা খেদি পঠিয়াব পাৰিব হাতী । উত্তৰ-পূব উদ্ভাৱন কেন্দ্ৰৰ মূৰব্বী তথা বিশ্বৰ একমাত্ৰ হাতী খেদা । যন্ত্ৰটোৰ উদ্ভাৱক আমিনুদ্দিন আহমেদে এই যন্ত্ৰটোক লৈ হাতী খেদাত সফল হ’ব বুলি আশাবাদী ।

You might also like