আর্থিক দীনতাত পিষ্ট ভাৰতীয় মহিলা ফুটবল দলৰ ‘প্রাচীৰ’
নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ ‘মোৰ ঘৰখন বানে প্রতিবছৰেই তচনচ কৰি থৈ যায়৷ দেউতাই দিন হাজিৰা কৰে৷ এসাঁজ খাই এসাঁজ লঘোণে থাকিবলগীয়া হয়৷ মই দেউতাৰ দুখবোৰ চাই থাকিব নোৱাৰি কিবা এটা কৰাৰ আশা লৈ ২০১১ চনতে ওলাই আহিলোঁ৷ মোক অকণমান সহায় কৰক৷ মই বিশ্বজয় কৰি দেখুৱাম৷’–এয়া ভাৰতীয় ফুটবলৰ মহিলা দলৰ অভেদ্য প্রাচীৰ ২৬ বছৰীয়া অঞ্জনাৰ মর্মবেদনা৷ ডিব্রুগড় জিলাৰ গৰুধৰীয়া গাঁৱৰ চাংমাইচুকৰ এক অসাধাৰণ প্রতিভা অঞ্জনা শইকীয়া৷ সৰুৰে পৰাই ফুটবলৰ প্রতি বিশেষ ধাউতি থকা অঞ্জনাই আর্থিক দীনতাৰ বাবে স্কুলীয়া কালত ৰবাব টেঙাকেই ফুটবল হিচাপে ব্যৱহাৰ কৰি চলাইছিল অনুশীলন৷ একাগ্র, সাধনা আৰু অদম্য হেঁপাহৰ বলত ইটোৰ পিছত সিটো দখল কৰিছিল খিতাপ৷ কিন্তু দিন হাজিৰা কৰা পিতৃয়ে অঞ্জনাৰ সপোন সাকাৰ কৰাৰ ক্ষেত্রত ৰ’ব লগা হৈছিল থমকি৷ অঞ্জনাও পৰিছিল চৰম দোমোজাত৷ এফালে পিতৃৰ উদং ঘৰখন আৰু আনফালে মনত পুহি ৰখা বিশ্বজয়ৰ সপোন৷ এনে দোমোজাৰ মাজতে ২০১১ চনত পিতৃ–মাতৃৰ অনুমতি লৈ যোৰহাটলৈ বুলি গুচি আহিছিল এগৰাকী বান্ধৱীৰ লগত৷ যোৰহাটৰ কাকজান বামকুকুৰাচোৱা গাঁৱৰ ৰবীন বৰা নামৰ ব্যক্তিগৰাকীৰ ঘৰত আশ্রয় লৈ কাকজান খেলপথাৰত চলাই গ’ল অনুশীলন৷ ৰবীন বৰাৰ পৰিয়ালেও নিজ কন্যা তথা সদস্যৰ দৰে সহায় কৰাৰ বাবে অঞ্জনাৰ সপোনবোৰে যেন ক্রমাৎ পোখা মেলিবলৈ আৰম্ভ কৰিলে৷ ৯ বাৰকৈ অসম মহিলা ফুটবল দলক প্রতিনিধিত্ব কৰা অঞ্জনাই বুকুৰ মাজতেই যন্ত্রণাবোৰ সামৰি ২০১৪ চনত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় ফুটবলৰ মহিলা দলৰ হৈ সোণৰ পদক আঁজুৰি উৰুৱালে দেশৰ বিজয় ধবজা৷ ইপিনে, বহুবাৰ অভেদ্য প্রাচীৰৰূপী অঞ্জনাই ভাৰতীয় দলটোৰ গ’লকীপাৰ হিচাপে প্রশংসা বুটলিছে৷ কিন্তু আর্থিক দীনতাই কোঙা কৰা এইগৰাকী আন্তঃৰাষ্ট্রীয় পর্যায়ৰ খেলুৱৈৰ ওপৰত দৃষ্টি নপৰিল ৰজাঘৰীয়াৰ৷ ভাৰতীয় ফুটবলৰ মহিলা দলত অসমৰ প্রথমগৰাকী মহিলা হিচাপে নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱা অঞ্জনাই এতিয়া এটা সংস্থাপন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ কিন্তু এনে এশ এবুৰি দুখৰ মাজতো ৰাষ্ট্রীয় পর্যায়ৰ প্রশিক্ষক মিণ্টু বৰগোহাঞি আৰু ছিৰাজুল ইছলামৰ তত্ত্বাৱধানত অৱ্যাহত ৰাখিছে এগৰাকী সফল যোদ্ধা হোৱাৰ অনুশীলন৷ অঞ্জনাই আমন্ত্রিত খেলসমূহত অংশ লৈ পোৱা দুপইচাৰে সম্প্রতি পিতৃ–মাতৃৰ যতন লোৱাৰ লগতে চলাই আহিছে ঘৰখন৷ এতিয়া প্রশ্ন হয়– মুখ্যমন্ত্রীৰ গৃহ জিলাৰে এইগৰাকী প্রতিভাধৰৰ ওপৰত বর্তমান ক্রীড়া ক্ষেত্রতবিশেষ গুৰুত্ব দিয়া বর্তমানৰ চৰকাৰখনৰ দৃষ্টি পৰিবনে? সকলোৰে এটাই আহ্বান–অসাধাৰণ প্রতিভাৰ গৰাকী অঞ্জনাক লৈ ৰজাঘৰীয়াই কিবা এটা কৰিলে অনুপ্রাণিত হ’ব অসমৰ চুকে–কোণে সিঁচৰতি হৈ অলেখ প্রতিভাৰ গৰাকী উঠি অহা প্রজন্ম৷