নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাৰ পৰা আহি ব্রহ্মপুত্রৰ চাপৰিত গঁড়ৰ মুক্ত বিচৰণ

নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ পৰা ওলাই আহি ৭ দিন ধৰি ব্রহ্মপুত্রৰ চাপৰিসমূহত মুক্ত বিচৰণ কৰি আছে এটা গঁড়ে৷ জানিব পৰা কৰা মতে, যোৱা ৭ মার্চৰ নিশা কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ পৰা ওলাই অহা গঁড়টো কাজিৰঙাৰ দাঁতিকাষৰীয়া ধনশিৰী মুখ, কুৰুৱাবাহি, নুমলীগড়ৰ বামুন, ভক্তে, নিকৰি , কেমেৰি, ৰোহিতা, শিয়াল, বুধে আৰু লহৰে চাপৰিত বিচৰণ কৰি যোৱা ১০ মার্চৰ নিশা মাজুলীৰ আঁহত গুৰিৰ ভেকেলি চাপৰিত গঁড়টো প্রৱেশ কৰে৷ ব্রহ্মপুত্রৰ মাজৰ বিভিন্ন চৰচাপৰিসমূহত বিচৰণ কৰি থকা গঁড়টো বর্তমান মাজুলীৰ কার্তিক চাপৰিত অৱস্থান কৰি আছে বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে৷ ঘন হাবি আৰু দুর্গম এলেকাৰ কাৰণত গঁডটোক কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈ খেদি ঘূৰাই পঠাব পৰা নাই৷ গঁড়টোক নিৰীক্ষণ কৰিবৰ কাৰণে শুকুৰবাৰে কাজিৰঙাৰ পৰা দুটা প্রকাণ্ড হাতী মাজুলীলৈ আনিছে৷ বর্তমান বনকর্মীসকলে হাতীৰে গঁড়টোক নিৰীক্ষণ কৰি আছে বুলি বন বিভাগে সদৰী কৰিছে৷ গঁড়টোক বনকর্মী আৰু ৱাইল লাইফৰ লোকে পহৰা দি আছে৷ ৭ দিন ধৰি মুক্ত বিচৰণ কৰি থকা গঁড়টোক কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈ ঘূৰাই পঠাবলৈ ব্যর্থ হৈছে যদিও চোৰাং চিকাৰীৰ পৰা নিৰাপত্তা দিবলৈ বন বিভাগ, ৱাইল লাইফ আৰু আৰক্ষীয়ে সষ্টম হৈ আছে৷

You might also like