নিয়মীয়া বার্তা, ১৪ মার্চঃ কৰিম নতুবা মৰিম পণ লৈ নিজকে আধুনিক মুলাগাভৰু সজাই হাতত হেংদাং লৈ ‘কা’বিৰোধী আন্দোলনত অতি জঁপিয়াই পৰা ধেমাজিৰ এগৰাকী আটাছু–আছুৰ পক্ষত থকা নেত্রীয়ে শুকুৰবাৰে সতীর্থসহ বিজেপিত যোগদান কৰে ৷ ‘কা’ বাতিল কৰিবই লাগিব বুলি আন্দোলনত নামি পৰি জাতি মাটি ভেটিৰ বাবে সকলোকে ওলাই আহিবলৈ উদাত্ত আহ্বান জনাই পথ উত্তাল কৰি ধেমাজিত ‘কা’ৰ বিৰুদ্ধে নেতৃত্ব লোৱা লাভলি বৰুৱা দিহিঙীয়াই বহুকেইগৰাকী নেত্রীসহ শুকুৰবাৰে বিজেপিত যোগদান কৰি ‘কা’ আন্দোলনৰ প্রতি মোহভংগ হোৱাৰ কথা কয় ৷ হেংদাং নহ’লে মহিলাসকলে চৰুৰ হেঁতাখন লৈ হ’লেও ‘কা’ৰ বিৰোধৰ বাবে ৰাজপথৰ আন্দোলনলৈ ওলাই অহাৰ আহ্বান জনোৱা নেত্রীগৰাকীয়ে আন্দোলনকাৰী শীর্ষ নেতৃত্বৰ প্রতি মোহভংগ হোৱাৰ ইংগিত দি ধেমাজি নগৰ মণ্ডল বিজেপিয়ে অনুষ্ঠিত কৰা এখন সাংগঠনিক সভাত বিজেপি দলত যোগদান কৰে ৷ জিলা বিজেপিৰ সভাপতি প্রেম দত্ত, উপ–সভানেত্রী ৰঞ্জনা দত্ত আৰু ৰিজু বৰুৱা, সাধাৰণ সম্পাদক খগেন ভূঞা আদিৰ উপস্থিতিত মণ্ডল বিজেপিৰ সভাপতি শশাংক কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাত পম্পী ফুকন, বিদ্যাৱতী কলিতা, পম্ দিহিঙীয়া, চিম্পী খাউণ্ড, দীপা গগৈ, ৰিংকু দিহিঙীয়া, ইন্দিৰা সোণোৱাল, ললিতা মজুমদাৰ, বিদ্যাৱতী বৰশইকীয়া, ললিতা বর্মা, সুৰেন্দ্রনাথ দলে, মিণ্টু গগৈ আদিয়েও বিজেপিত যোগদান কৰে৷ জিলাখনৰ বিভিন্ন মণ্ডল বিজেপিৰ উদ্যোগত ইতিমধ্যে বিভিন্ন দল–সংগঠনৰ সহস্রাধিক নেতা–কর্মীয়ে বিজেপিৰ নীতি–আদর্শৰ প্রতি আকৃষ্ট হৈ দলটোত যোগদান কৰা বুলি জিলা সভপতি দত্তই সদৰী কৰি আগন্তুক দিনত অধিক দল–সংগঠনৰ নেতা–কর্মীয়ে বিজেপিত যোগদান কৰিব বুলি কয় ৷