প্ৰসংগঃ বিটিচি পৰিষদীয় নিৰ্বাচন গোৰেশ্বৰ সমষ্টিত চলিছে দলবাগৰা ৰাজনীতি
নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাই আহিছে কৰ’না ভাইৰাছ।তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক নিৰ্বাচন আয়োগে বিটিচি পৰিষদীয় নিৰ্বাচনৰ অধিসুচনা বলবৎ কৰিও নিৰ্বাচন স্থগিত ৰাখিব লগীয়া হৈছে।
উল্লেখ্য যে নিৰ্বাচন স্থগিত ৰাখিলেও ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ মাজত বৰ্তমানেও অব্যাহত আছে নিৰ্বাচনী প্ৰচাৰ কাৰ্য।চৰকাৰে কৰ’না ভাইৰাচৰ বাবে লকডাউন অথবা দামাজিক দুৰত্বৰ লগতে মাক্স পিন্ধাতো বাধ্যতামুকল কৰাৰ লগতে মাক্স নিপিন্ধিলে জৰিমনা বিহাৰো নিৰ্দেশ জাৰি কৰিছিল।কিন্তু উক্ত নিৰ্দেশক অংগুষ্ট প্ৰদৰ্শন কৰিছে একাংশ প্ৰাৰ্থীয়ে।জানিব পৰা মতে ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিত বিপিএফ, বিজেপি, ইউপিপিএল আৰু ‘মিচন ২০/২০ৰ প্ৰাৰ্থীয়ে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ কাৰ্য।
প্ৰাপ্ত তথ্য মতে বিপিএফৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰী আৰু ‘মিচন ২০/২০ৰ নিৰ্দলীয় প্ৰাৰ্থী সুৰেন চন্দ্ৰ বড়োৱে সামাজিক দুৰত্বক জলাঞ্জলি দি অনুষ্ঠিত কৰি আহিছে নিৰ্বাচনী প্ৰচাৰ সভা।আনকি সভাত উপস্থিত থকা কৰ্মী-সমৰ্থক সকলেও ব্যৱহাৰ কৰা নাই মাক্স।ইফালে ইউপিপিএল দলৰ সমৰ্থক সকলেও সামাজিক দুৰত্ব তথা মাক্স বিহীণভাৱে নিৰ্বাচনী সভা-সমিতি অনুষ্ঠিত কৰা বুলি নিৰ্বাচনী পৰ্যবেক্ষক মহলত চৰ্চিত হৈছে।আনহাতে নিতৌ এইটো দলৰ পৰা আনতো দলত যোগদানেৰে দলবাগৰা ৰাজনীতিৰো একপ্ৰকাৰ প্ৰতিযোগীতা চলা বুলি ভোটাৰ ৰাইজৰ মাজত সৰৱ চৰ্চাও অব্যাহত আছে।