তিনিবাৰকৈ UPSC পৰীক্ষাত উত্তীৰ্ণৰে অভিলেখ অসমৰ আৰণ্যক শইকীয়াৰ
অধ্যৱসায়-মনোবল আৰু অত্মবিশ্বাসৰ বাবেই এই সাফল্য
নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ সদ্যঘোষিত UPSCৰ চূড়ান্ত পৰীক্ষাত মুঠ ৮২৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত অসমৰ ৪ গৰাকীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোক ক্ৰমে আৰণ্যক শইকীয়া, নিবেদিতা দত্ত, তপন ডেকা আৰু কিশোৰ সুত্ৰধৰ।
UPSC পৰীক্ষাত পৰীক্ষাত তিনিবাৰৰ বাবে উত্তীৰ্ণ হ’ল আৰণ্যক শইকীয়া। অসম আৰক্ষী প্ৰাক্তন সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কুলধৰ শইকীয়া আৰু বিশিষ্ট লেখিকা তথা ভাৰতীয় ৰে’ল সেৱাৰ পৰা অৱসৰ লোৱা লীনা শৰ্মাৰ পুত্ৰ আৰণ্যক শইকীয়াৰ এই সফলতাত সুখী সকলো।
উল্লেখযোগ্য় যে ২০১৭ চনত UPSC পৰীক্ষাত ১৪৮ সংখ্যক স্থান লাভ কৰিছিল আৰণ্যকে পুনৰ২০১৮ চনত পৰীক্ষাত অৱতীৰ্ণ হৈ ২৮৭ সংখ্যক স্থান লাভ কৰি ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিছিল কিন্তু ক’ৰবাত যেন সুখী নাছিল আৰণ্যক। যিহেতু পিতৃ আৰক্ষী সেৱাত জড়িত আছিল গতিকে তেওঁ আৰক্ষীৰ সেৱাৰ বিপৰীতে প্ৰশাসনিক সেৱাতহে মন মেলিছিল। কিন্তু IPSৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি কৰ্ণাটকত কৰ্মৰত হৈ থকা আৰণ্যকে পুনৰ ২০১৯ বৰ্ষত UPSC পৰীক্ষাত অৱতীৰ্ণ হৈ ৫৯তম স্থান লাভ কৰিবলৈ সক্ষম হয়।
অত্যন্ত ব্যস্ততাৰ মাজতো কঠোৰ অধ্যৱসায়, আত্মবিশ্বাস আৰু যোগাত্মক মনোবলৰ বাবেই এই সফলতা আৰণ্যকৰ। দেশৰ ভিতৰতে ৫৯তম স্থান পোৱা আৰণ্যক সৰুৰে পৰা অতন্ত্য মেধাৱী আছিল সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত এই স্থান লাভ কৰাটো সহজসাধ্য নহয়। অসমলৈ গৌৰৱ কঢ়িয়াই অনা আৰণ্যক শইকীয়ালৈ শুভকামনা।