নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনন্দৰাম বৰুৱা একাডেমীৰ অনলাইন চিত্রাংকন প্রতিযোগিতাৰ ফলাফল ঘোষণা

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীয়ে প্রয়াত শৰৎ ডেকাৰ সোঁৱৰণত সদৌ অসম ভিত্তিত আয়োজন কৰা অনলাইন চিত্রাংকণ প্রতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে৷

প্রথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত প্ৰথম শ্ৰেণীৰ শাখাত প্রথম পুৰস্কাৰ নলবাৰী শংকৰদেৱ শিশু নিকেতনৰ ৰিতুস্মিন কলিতা, দ্বিতীয় গুৱাহাটীৰ শিলপুখুৰীস্থিত মহৰ্ষি বিদ্যামন্দিৰৰ দেৱাংগী বৰ্মন আৰু তৃতীয় লখিমী নগৰৰ উদ্দীপন গোস্বামীয়ে লাভ কৰিছে৷

দ্বিতীয় শ্রেণীত প্ৰথম পুৰস্কাৰ লাভ কৰিছে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ তনয়া কাশ্যপে আৰু দ্বিতীয় আৰু তৃতীয় বিবেচিত নহ’ল।

তৃতীয় শ্রেণীত পূৰস্কাৰসমূহ লাভ কৰিছে ক্ৰমে প্রথম মালিগাঁৱৰ চেইণ্ট মেৰীজ স্কুলৰ জাগৃতি ডেকা, দ্বিতীয় আনন্দৰাম বৰুৱা একাডেমীৰ বলয় বৈভৱ মেধি আৰু তৃতীয় ভালুকঘাটা জাতীয় বিদ্যালয়ৰ পৰীণিতা মেধিয়ে৷

চতুর্থ শ্রেণীৰ পুৰস্কাৰ লাভ কৰিছে ক্ৰমে প্রথম দিছপুৰৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ নায়াশা দত্ত, দ্বিতীয় ন-আলি, শিৱসাগৰৰ হোলি নেইম স্কুলৰ চুমায়া আহমেদ আৰু তৃতীয় শশাংক তালুকদাৰ৷

পঞ্চম শ্রেণীৰ পুৰস্কাৰ লাভ কৰিছে ক্ৰমে প্রথম আনন্দ একাডেমীৰ মহর্ষি বৈশ্য, দ্বিতীয় গুৱাহাটীৰ পানবজাৰৰ ডনবস্ক’ স্কুলৰ দ্বিপ্তাংশু চেতাৰ্জী আৰু তৃতীয় যোৰহাট বাঘচোংস্থিত ডনবস্ক’ স্কুলৰ অভিশেষ বৰদলৈ৷

ষষ্ঠ শ্রেণীৰ পুৰস্কাৰ লাভ কৰিছে ক্ৰমে প্রথম শিলচৰৰ ৰামানুজ বিদ্যামন্দিৰৰ মনস্বেতা দাস, দ্বিতীয় হাতীগাঁও লিটিল ফ্লাৱাৰ স্কুলৰ আহানা হুচেইন আৰু তৃতীয় মাধৱদেৱ জাতীয় বিদ্যালয়ৰ বিশাল চক্ৰৱৰ্তী৷

সপ্তম শ্রেণীৰ প্রথম পুৰস্কাৰ লাভ কৰিছে গুৱাহাটী, বশিষ্ঠৰ আৰ্মী পাব্লিক স্কুলৰ সাগৰিকা শৰণীয়া আৰু দ্বিতীয় পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ ঈপ্সিতা চৌধুৰীয়ে৷ তৃতীয় বিবেচিত নহ’ল৷

অষ্টম শ্রেণীৰ পুৰস্কাৰসমূহ ক্ৰমে প্রথম গুৱাহাটীৰ বশিষ্ঠস্থিত আর্মী পাব্লিক স্কুলৰ পূর্বা দাস, দ্বিতীয় কৰিমগঞ্জৰ কেন্দ্ৰীয় বিদ্যালয়ৰ প্রিয়ংকা দাস চৌধুৰী আৰু তৃতীয় পাঞ্জাবাৰীৰ গুৱাহাটী পাব্লিক স্কুলৰ প্রকৃতি শৰ্মা৷

পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীসকলক ২৭ ফেব্ৰুৱাৰীত দিনৰ ১১ বজাত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত অনুষ্ঠিত হ’বলগীয়া ন-পুৰণি শিক্ষাৰ্থী সন্মিলন, গ্ৰন্থ আৰু মুখপত্ৰ উন্মোচন অনুষ্ঠানত পুৰস্কাৰসমূহ প্ৰদান কৰা হ’ব৷ প্রতিযোগীসকলক নির্দিষ্ট সময়ত উপস্থিত থাকি পুৰস্কাৰ গ্ৰহণ কৰিবলৈ শিক্ষানুষ্ঠানখনৰ তৰফৰ পৰা আহ্বান জনাইছে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like