বোকাজানত কুৱাৰেনটীন কেদ্ৰত হুলস্থুল; কুৱাৰেনটীন কেন্দ্ৰৰ পৰা পলায়ন কৰাৰ চেষ্টা একাংশৰ
নিয়মীয়া বাৰ্তা, ৩ জুন: বোকাজানৰ দায়নন্দ বিদ্যা নিকেতন কুৱাৰেনটীন কেন্দ্ৰৰ পৰা ওখ দেৱাল পাৰ হৈ একাংশই পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত ধৰিবলৈ সক্ষম হয় পলায়নকাৰী কেইটাক । তাৰ পিছতেই স্থানীয় ৰাইজৰ সৈতে তৰ্কত লিপ্ত হয় কুৱাৰেনটীন কেন্দ্ৰত থকা এই যুৱসকল ।
আনকি মাৰপিত কৰিবলৈ উদ্যত হয় কুৱাৰেনটীন কেন্দ্ৰত থকা এইসকলে । সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীক কেৰেপ নকৰে এই যুৱকসকলে । তাৰ পাছতেই বোকাজান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
স্থানীয় লোকৰ অভিযোগ অনুসৰি, মদ্যপান কৰি হুলস্থুল কৰিছে এই কেন্দ্ৰত থকা যুৱকসকলে । কিন্তু প্ৰশ্ন হয় কুৱাৰেনটীন কেন্দ্ৰলৈ কেনেদৰে আহিল সুৰাৰ ? চৌহদত নাই নেকি পয্যাপ্ত পৰিমাণৰ সুৰক্ষা ?
যাক লৈ চিন্তিত স্থানীয় ৰাইজ। এইক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী স্থানীয় ৰাইজৰ।