নিয়মীয়া বাৰ্তা, ৩ জুনঃ চীনৰ য়ুহানত উৎপত্তি হোৱা মাৰাত্মক ক’ৰোনা ভাইৰাছে বিশ্বৰ সৰহ সংখ্যাক দেশতে মহামাৰি ৰূপ ধাৰণ কৰাৰ লগতে ভাৰততো ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্রীয়ে এই ভাইৰাছ অধিক সংক্ৰমিত নহবলৈ সমগ্ৰ ভাৰত লকডাউন দিছিল । সম্প্ৰতি পৰ্যায়ক্ৰমে লকডাউন বহু পৰিমাণে শিথিল কৰিছে যদিও এই লকডাউনৰ সময়চোৱাত বহু দুখীয়া গৰীব লোক খাদ্য সংকটত পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত দুৰ্গত লোক সকলক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে পাৰ্যাপ্ত পৰিমাণে সহায় কৰি আহিছে । দক্ষিণ কামৰূপৰ ছয়গাঁৱত অসম চেম্বাৰ্চ অৱ কমাৰ্চৰ উদ্যোগত আজি ছয়গাঁৱৰ দোকানত কাম কৰা কৰ্মচাৰী সকলক অসম চেম্বাৰ্চ অৱ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে চাউল, দাইল, চাবোন, বিস্কুট, নিমখ, মিঠাতেল আদি খাদ্য সামগ্ৰী বিতৰণ কৰে । এই বিতৰণ কাৰ্যসূচীত চেম্বাৰ্চ অৱ কমাৰ্চৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি অনুপ কুমাৰ মেধী, বিশিষ্ট সমাজকৰ্মী নিংকু (নিদৰ্শন) হুজুৰী, ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰৰ লগতে চেম্বাৰ্চ অৱ কমাৰ্চৰ বিষয়ববীয়া সকল উপস্থিত থাকে । আনহাতে, আজি ভাৰতীয় ৰেলৱে মজদুৰ সংঘৰ অধীনস্থ উত্তৰ পূৱ ৰে’লৱে কৰ্মচাৰী সংঘৰ ৰঙিয়া মণ্ডলৰ তৰফৰ পৰা ছয়গাঁৱত কেবাটাও পৰিয়ালৰ মাজত মাস্ক, দালি, আলু, মিঠাতেল, নিমখ, চাবোন আদি খাদ্য সামগ্ৰী বিতৰণ কৰে । এই বিতৰণ কাৰ্যসূচীত উপস্হিত থাকে উত্তৰ পূৱ ৰেলৱে কৰ্মচাৰী সংঘৰ সাধাৰণ সম্পাদক জীতু হাজৰিকা, সাংগঠনিক সম্পাদক হৰিশ ভূঞা আৰু হেমন্ত ঠাকুৰীয়া । উল্লেখ্য যে লকডাউনৰ আৰম্ভণিৰ পৰাই বিভিন্ন ঠাইত সংগঠনে মাস্কৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে ।