নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনগোষ্ঠীয় নৃত্য–গীতেৰে মুখৰ প্রকৃতিৰাণী চানডুবি

নিয়মীয়া বার্তা, বৰদুৱাৰ বাগান, ৩ জানুৱাৰীঃ সংস্কৃতি নদীৰ দৰে চিৰপ্রৱহমান, ঠিক তেনেদৰে অর্থও ব্যাপক৷ –এই মন্তব্য নেজাইন ডট কমৰ কার্যবাহী সম্পাদক ৰত্না ভৰালী তালুকদাৰৰ৷ চানডুবি উৎসৱত কালি অনুষ্ঠিত ‘নৃগোষ্ঠীয় কৃষ্টি–সংস্কৃতিৰ সংৰক্ষণ, প্রচাৰ–প্রসাৰ আৰু আর্থ–সামাজিক উত্তৰণ’ শীর্ষক আলোচনা–চক্রখনত আলোচক হিচাপে উপস্থিত থাকি লেখিকা ভৰালীয়ে কয় যে ৰাভা জনগোষ্ঠীসকল কৃষ্টি–সংস্কৃতিত চহকী৷ প্রকৃতি অবিহনে সংস্কৃতি জীয়াই নাথাকে বুলি উল্লেখ কৰি তেওঁ সাম্প্রতিক সময়ৰ বিভিন্ন প্রত্যাহ্বানৰ বিষয়ে বিতং বিশ্লেষণ আগবঢ়ায়৷

উদ্যাপন সমিতিৰ উপদেষ্টা দেৱজিত নাফাৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা আলোচনা–চক্র বিশিষ্ট লোকসংস্কৃতিৰ সাধক ভুবিন ৰাভাই সঞ্চালনা কৰে৷ আলোচনা–চক্রখনত অৰুণাচল প্রদেশৰ প্রাক্তন উপাচার্য ড০ জিতেন দাস আলোচক হিচাপে উপস্থিত থাকি পাতিৰাভাসকলৰ কৃষ্টি–সংস্কৃতিৰ বিষয়ে তথ্যসমৃদ্ধ সাৱলীল ব্যাখ্যা দাঙি ধৰে৷ আনকি চানডুবি আৰু এই বৃহত্তৰ অঞ্চলটোৰ ঐতিহাসিক তথ্যসমূহ আলোকপাত কৰে৷ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তর্গত ৰাজাপাৰাত অৱস্থিত চানডুবি বিলৰ পাৰত পাঁচদিনীয়া কার্যসূচীৰে আৰম্ভ হোৱা উৎসৱৰ দ্বিতীয় দিনাও ৰাভা, তিৱা, ঝুমুৰৰ লগতে বাৰেৰহণীয়া কলাকৃষ্টি প্রদর্শনকে ধৰি বিভিন্ন কার্যসূচী ৰূপায়ণ কৰে উদ্যোক্তাসকলে৷ নৱবর্ষৰ প্রথমটো দেওবাৰ হোৱা হেতুকে চানডুবিকে ধৰি সীমান্তৱর্তী অঞ্চলটোৰ সেউজ অৰণ্যভূমি লোকাৰণ্য হৈ পৰে৷

You might also like