নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পছৰীয়াত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অএছডি হেমন্ত চৌধুৰী- আত্মবিশ্বাসেহে সঠিক পথৰ উপনীত কৰায়

বিশেষ বাৰ্তা, ২৫ জুলাইঃ বিজেপিৰ উদ্যোগত জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পছৰীয়া পঞ্চায়ত এলেকাৰ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ৷ পছৰীয়া ৰামসৰস্বতী প্ৰেক্ষাগৃহত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠান উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে শিক্ষাৰ্থীসকলক নিজৰ নিজৰ লক্ষ্যত উপনীত হবলৈ একাগ্ৰতা, ধৈৰ্য্য আৰু আত্মবিশ্বাসৰে অধ্যয়নত ব্ৰতী হবলৈ আহ্বান জনায় ৷ তেওঁ আত্মবিশ্বাসহে সঠিক পথত উপনীত কৰায় বুলি উল্লেখ কৰি কয় যে দেশৰ এজন সুনাগৰিক হবলৈ হলে নিজৰ ওপৰত আত্মবিশ্বাস থকাৰ দৰকাৰ বুলি দোহাৰে ৷ তেওঁ ভৱিষ্যতৰ দিনত সঠিক দিশৰে অধ্যয়ন কৰি নিজকে দেশৰ সম্পদ হিচাবে গঢ়িবলৈ ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায় ৷ সভাত উচ্চ আৰু উচ্চতৰ মাধ্যমিকত উৰ্ত্তীৰ্ণ ১২০গৰাকী শিক্ষাৰ্থীক গামোচা, মানপত্ৰ আৰু এখন গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয় ৷ বিশিষ্ট নাগৰিক হৰেন কলিতাৰ সভাপতিত্ব অনুষ্ঠিত সম্বৰ্ধনা সভাত পছৰীয়া কুশল কোঁৱৰ হাইস্কুলৰ প্ৰধান শিক্ষক সৰ্বানন্দ কলিতা, বড়িজানী হাইস্কুলৰ প্ৰধান শিক্ষক দিলোৱাৰ হুচেইন, সমাজকৰ্মী ম্‌ণাৰাম ভৰালী, গণেশ ডেকা, হীৰেন কলিতা, চন্দ্ৰধৰ কলিতা, পঞ্চায়ত সভানেত্ৰী চবিনী কলিতা, কাউন্সিলৰ জুনু কলিতা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট নাগৰিক উপস্থিত থাকে ৷

প্ৰেৰক দিলীপ মেধি

You might also like