নিয়মীয়া বাৰ্তা,১৪ অক্টোবৰঃ দেৰগাঁৱত জঘন্য ঘটনা। প্ৰশিক্ষণ লৈ থকা মহিলা আৰক্ষীক ধৰ্ষণ কৰিলে প্ৰশিক্ষকে। অসম ফৰেষ্ট বেটেলিয়নৰ প্ৰশিক্ষণৰত এগৰাকী মহিলা আৰক্ষীক ধৰ্ষণ কৰিলে প্ৰশিক্ষক আৰক্ষী বিষয়া বসন্ত সিঙৰ। অভিযুক্ত বসন্ত সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
উল্লেখ্য যে এই ঘটনা সংঘটিত হৈছিল ২ অক্টোবৰত। পুৱা ৭ বজাত কোনো নথকাৰ সুযোগ লৈ কাৰ্যালয়লৈ মাতি পঠিয়াইছিল ভুক্তভোগী যুৱতীগৰাকীক। তাৰপাছতেই এই ধৰ্ষণ কৰে যুৱতীগৰাকীক।
কিন্তু যুৱতীগৰাকীৰ স্বাস্থ্য অৱনতি ঘটাত ছুটী দি ঘৰলৈ যাব দিয়ে বসন্ত সিঙে। গুৱাহাটীত চিকিৎসা কৰি আৰক্ষীৰ কাষ চাপে যুৱতীগৰাকী। আনহাতে ভুক্তভোগী যুৱতীগৰাকীৰ লগতে পৰিয়ালে দোষীক উপযুক্ত শাস্তি পোৱাটো দাবী কৰিছে।