নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ টেঙাখাট খণ্ডৰ চৰকাৰী প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰৰ অধীনৰ বৃহত্তৰ দুলীয়াজান অঞ্চলত প্ৰতিদিনেই ক’ভিড -১৯ পজিটিভ ৰোগী চিনাক্ত কৰা হৈছে । ভ্ৰমণ বৃত্তান্ত নথকাকৈ একেদিনাই অইল ইণ্ডিয়ান তিনিগৰাকী ব্যক্তিৰ দেহত ক’ভিড উপস্হিতি ধৰা পৰিছে ।
ক্ৰমে অইলৰ পাব্লিক হেলথ অফিচাৰ গোলোক শইকীয়া (৫৯), অইল ৱেল ল’গিং বিভাগৰ এক্সকিউটিভ কিৰণ কুমাৰ (৩৫) আৰু ল’গিং বিভাগত কৰ্মৰত ভাস্কৰ চুতীয়া (৩০) কে ধৰি দুলীয়াজান আনন্দপাৰাৰ ৰূপম শৰ্মা বৰুৱা (২৭), অইল আবাসিক অঞ্চলৰ বি-৪৮ ৰ
আবাসী মনু কৌৰ (৫২) আৰু বিজুলীবাৰী শ্বৰ্ণপ্পা বানৱা (৫২) নামৰ মহিলা দুগৰাকীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে ।
আনহাতে হায়দৰাবাদৰ ভ্ৰমণ বৃত্তান্ত থকা কমলাবাৰী অঞ্চলৰ চন্দ্ৰগুপ্ত হাজৰিকা (৩০) ক’ভিড পজিটিভ চিনাক্ত । লক্ষণীয় যে দুলীয়াজানৰ উপকন্ঠ টিংৰাই অঞ্চলত ক’ভিড পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা বহু ব্যক্তিয়ে মুক্তভাৱে চলা-ফুৰাক কেন্দ্ৰ কৰি অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে । এইক্ষেত্ৰত প্ৰশাসনক ব্যৱস্হা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্হানীয় ৰাইজে । অঞ্চলটোত গণ সংক্ৰমণৰ আশংকা কৰি ইয়াৰ প্ৰতিৰোধৰ উদ্দেশ্যে আজি ২৪ জুলাইৰ পৰা এসপ্তাহ পৰ্যন্ত টিংৰাই অঞ্চলৰ ব্যৱসায়-বাণিজ্য, দোকান-বজাৰ আংশিকভাৱে স্বতঃস্ফূৰ্ত বন্ধ ঘোষণা কৰিছে ।