নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত আজি ডুৰাণ্ড কাপ ফুটবলৰ মেচ

বিশেষ বাৰ্তা, ৪ আগষ্টঃ ভাৰতীয় সামৰিক বাহিনীয়ে আয়োজন কৰা এছিয়া মহাদেশৰ প্রথম তথা বিশ্বৰ পঞ্চম প্রাচীনতম ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ ১৩২ সংক্ষৰণৰ খেল কালি কলকাতাত আৰম্ভ হোৱাৰ বিপৰীতে আজি গুৱাহাটীত প্রথমখন মেচ অনুষ্ঠিত হ’ব৷ গুৱাহাটীৰ সৰুসজাই ক্রীডা প্রকল্পৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ উদ্বোধনী মেচত নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে শ্বিলং লাজং এফ চিৰ মুখামুখি হ’ব৷ ফুটবলপ্রেমীৰ মাজত ইতিমধ্যে ৰোমাঞ্চ আৰু উৎকণ্ঠা বৃদ্ধি পোৱা আজিৰ গুৱাহাটীৰ নর্থ–ইষ্ট ডার্বিৰ মেচখন বিয়লি ৬ বজাত আৰম্ভ হ’ব যদিও ইয়াৰ পূর্বে ডেৰ ঘণ্টাৰ এক আকর্ষণীয় উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব৷ সেয়ে দর্শকৰ বাবে চাৰি বজাতে ষ্টেডিয়ামৰ প্রৱেশদ্বাৰ মুকলি কৰা হ’ব৷ উদ্বোধনী অনুষ্ঠান তথা প্রথম মেচখনৰ বাবে ফুটবলপ্রেমীৰ প্রৱেশো বিনামূলীয়া কৰিছে আয়োজকে৷ উল্লেখ্য যে গুৱাহাটীত ক্রমাগত দ্বিতীয়বাৰলৈ অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ৷ সেয়ে উদ্বোধনী অনুষ্ঠানো এইবাৰ অধিক মনোগ্রাহী কৰা হৈছে৷ বিহু ঢোল আৰু অসমৰ লোকবাদ্যৰ ঝংকাৰ তথা বিহুনৃত্যৰ লগতে অসমৰ পৰম্পৰাগত জনগোষ্ঠীৰ আকর্ষণীয় সাংস্কৃতিক অনুষ্ঠানে অসমলৈ আদৰণি জনাব ডুৰাণ্ড কাপক৷ ১৫ মিনিটৰ এই অনুষ্ঠান পৰিৱেশন কৰিব ৰঞ্জিত গগৈৰ নেতৃত্বত এটা বৃহৎ দলে৷ জনপ্রিয় কণ্ঠশিল্পী প্রিয়ংকা ভৰালীৰ গীত আন এক আকর্ষণীয় অনুষ্ঠান৷ কিন্তু কাইলৈ সৰুসজাই কঁপি উঠিব আই এ এফ ছুখয় ৩০ ফাইটাৰ জেট আৰু এম আই ১৭ হেলিকপ্টাৰৰ শব্দ আৰু দুঃসাহসিক ক্রীড়াশৈলীৰে৷ ডুৰাণ্ড কাপৰ ইতিহাস তথা ড্রফী ট্যুৰ অনুষ্ঠানৰ ভিডি’ তথ্যচিত্র প্রদর্শনৰে আৰম্ভ হ’বলগা উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ভাৰতীয় সেনাৰ পূর্বাঞ্চলৰ সেনাপ্রধান ৰাণাপ্রতাপ কলিতা, ক্রীডামন্ত্রী নন্দিতা গার্লোছা অতিথিৰূপে উপস্থিত থাকিব৷ ইফালে, ডুৰাণ্ড কাপৰ থীম ছঙত ভাংৰা নৃত্য তথা আকর্ষণীয় কালাৰিয়াপাড্রু প্রদর্শন কৰিব সেনাৰ জোৱানে৷ ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডৰ শিখা প্রজ্বলন কৰাৰ সময়তে সৰুসজাইৰ সেউজ দলিচা পুষ্পবৃষ্টিৰে ৰঙীন কৰি দিব পেৰা মটর্ছ বাহিনীয়ে৷ ইফালে, মেচৰ বিৰতিৰ সময়ত খুকৰি নৃত্য তথা আকর্ষণীয় গাটকা ক্রীডাও প্রদর্শন কৰিব সেনা জোৱানে৷ নর্থ–ইষ্ট ইউনাইটেডে যোৱা বর্ষত প্রথমবাৰৰ বাবে ডুৰাণ্ড কাপত খেলিছিল৷ অৱশ্যে আই এছ এল ছিজন দলৰ বাবে সুখৰ নহ’ল৷ এইবাৰ নতুন খেলুৱৈৰে সাজু হৈছে দলটো৷ ইফালে, লাজং ক্লাবে কাইলৈ ডুৰাণ্ড কাপত অভিষেক কৰিব৷

You might also like