বিশেষ বাৰ্তা, ২৬ মাৰ্চঃ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পুনৰ ভাৰতীয় বেডমিণ্টন ফেডাৰেচন (বাই)ৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। গুৱাহাটীত ফেডাৰেচনৰ বাৰ্ষিক সভাত বিনাপ্ৰতিদ্বন্দ্বিতাৰে ভাৰতীয় বেডমিণ্টন ফেডাৰেচনৰ মুৰব্বী হিচাপে পৰৱৰ্তী ৪ বছৰৰ বাবে নিৰ্বাচিত হৈছে মুখ্যমন্ত্ৰীগৰাকী। অসম বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ভাৰতীয় বেডমিণ্টনৰ মুৰব্বী পদত কাৰ্যনিৰ্বাহ কৰি আছে। যোৱা ৪ বছৰত ডঃ শৰ্মাই পুঁজি সংগ্ৰহকে ধৰি বেডমিণ্টনৰ উন্নয়ণৰ ক্ষেত্ৰত মূল্যৱান অৰিহণা আগবঢ়াইছে।