নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ তিনিচুকীয়াৰ ফিল’বাৰী থানাৰ অন্তৰ্গত দুমপথাৰ মইলাপুং গাঁৱত কালি নিশা সংঘটিত এক নৃশংস হত্যাকাণ্ডত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি মইলাপুং গাঁও নিবাসী কৃষ্ণ বৰাইক নামৰ ২৪ বছৰীয়া যুৱক এজনে বুধবাৰে নিশা প্ৰায় এঘাৰ বজাত মদ্যপান কৰি নিজ ঘৰত উপস্থিত হৈ প্ৰথমে মাতৃ আৰু ভগ্নীক মাৰ ধৰ কৰোতে তেওঁলোকে নিজৰ প্ৰাণৰ মমতাত পলায়ন কৰাত পাষণ্ডটোৱে মাতৃ-ভগ্নীক মাৰিবলৈ নাপাই বিচনাত শুই থকা ৭ বছৰীয়া নিজ ভাগিনক বিছনাৰ পৰা নমাই ঘৰটোৰ থকা এপাট ত্ৰিশূলজাতীয় লোহাৰ অস্ত্ৰেৰে হানি খুচি হত্যা কৰি পলাই যায়। মোমায়েকে হত্যা কৰা শিশুটিৰ ঘৰ ফিল’বাৰীৰে পূন্যজান গাঁৱত। উল্লেখযোগ্য যে এটা মাহ পূৰ্বে গৰম বন্ধ আৰম্ভ হোৱাৰ বাবে শিশুটিয়ে ফিল’বাৰী পদুমপথাৰ মইলাপুংত থকা মোমায়েকৰ ঘৰলৈ থাকিবলৈ আহিছিল। আনহাতে, আজি পুৱাৰ ভাগতহে এই নৃশংস হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ সময়তো পৰিয়ালৰ লোকে লুকুৱাবলৈ চেষ্টা কৰিছিল বুলি কিন্তু স্থানীয় ৰাইজে অভিযোগ কৰাৰ লগতে, ৰাইজে গাঁওপ্ৰধান হেমন্ত বৰশইকীয়াক খবৰ দিয়াত গাঁওপ্ৰধানগৰাকীয়ে লগে লগেই ফিল’বাৰী আৰক্ষীক সমগ্ৰ হত্যাকাণ্ডৰ ঘটনা বিষয়ে জনায় আৰু ফিল’বাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়গৈ। পিছত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাস আৰু ডুমডুমা ৰাজহ চক্ৰ বিষয়া সুৰঞ্জীতা শৰ্মা উপস্থিতিত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয়। আনহাতে, অবোধ বালকটিৰ হত্যাৰ আঁৰত ফিল’বাৰী অঞ্চলত চলি থকা চুলাই জাতীয় মদৰ অবাধ প্ৰচলনেই মূল কাৰণ বুলি স্থানীয় ৰাইজে অভিযোগ আজি ঘটনাস্থলীত উপস্থিত হোৱা দুয়োগৰাকী চৰকাৰী বিষয়াৰ সন্মুখত উত্থাপন কৰিছে। এই মৃত শিশুটিৰ পিতৃ কৰ্মসুত্ৰ চেন্নাইত থাকে। ৰাইজে বৰ্তমানলৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নোহোৱা কৃষ্ণ বৰাইকক অতি সোনকালে আটক কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক দাবী জনাইছে। ইতিমধ্যে, আৰক্ষীয়ে অধিক তদন্তৰ বাবে মৃত শিশুটিৰ আইতাক আৰু মাতৃক জেৰা অৱ্যাহত ৰাখিছে । ইফালে এই ঘটনাৰ পিছতেই অঞ্চলটোত অবাধ ৰূপত চলি থকা চুলাই মদৰ উৎপাদন আৰু বিপনন বন্ধ কৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী বিভাগ। তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে ফিল’বাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক অতি সোনকালে ফিল’বাৰী অঞ্চলত থকা চুলাই ভাটি, মদৰ দোকানসমুহ ভাঙি পেলোৱাৰ লগতে ইয়াত জড়িত থকা সকলোকে আটক কৰি গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৰাজহ কৰ ফাঁকিয়ে ফিল’বাৰী অঞ্চলত অৰুণাচল সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা দুষ্ট চক্ৰৰ বিৰুদ্ধেও অভিযান চলাবলৈও নিৰ্দেশ দিছে।
প্ৰেৰক কংকণ দেৱগোস্বামী