নিয়মীয়া বাৰ্তা, ৩ আগষ্ট : কামৰূপৰ বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ে গৌৰৱোজ্জ্বল ৬০ বছৰ পূর্তি উপলক্ষে আজি প্ৰাৰম্ভিক দিন হিচাপে লৈ বছৰজোৰা কাৰ্যসূচীৰে ইয়াৰ হীৰক জয়ন্তী পালনৰ যো-জা চলাই। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়খনে পুৱাৰপৰাই মহাবিদ্যালয়ৰ ৬০খন পতাকা উত্তোলন, স্মৃতি তর্পণ, গছপুলি ৰোপণ, বৰ্ণিল সাংস্কৃতিক সমদল আদি বিভিন্ন কাৰ্যসূচীৰে পালন কৰে। সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বকোৰ ৰাজাপাৰাৰ বিশিষ্ট উদ্যোগপতি শান্তি কুমাৰ জৈনে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ তপন দত্তই জনাই যে হীৰক জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ নতুন কলা ভৱনৰ প্ৰথম মহলা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সতীৰ্থ ভৱনৰ আধাৰশিলা স্থাপন কৰে। হীৰক জয়ন্তী বৰ্ষ পালনৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। এই মুকলি সভাৰ মঞ্চত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ তপন দত্ত, প্ৰতিষ্ঠাপক অধ্যক্ষ যতীন চন্দ্ৰ নাথ, ড০ অমৰজ্যোতি চৌধুৰী, ময়ুৰ বৰা, মহাবিদ্যালয়খনৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ বসন্ত দত্ত, ‘আমাৰ অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা তথা বকোৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী স্বধীন বড়োকে ধৰি সভাত উপস্থিত থাকে মহাবিদ্যালয়ৰ কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, তথা ছাত্ৰ ছাত্ৰী। একেখন সভাতে মহাবিদ্যালয়ৰ কেইগৰাকীমান অৱসৰপ্ৰাপ্ত কৰ্মীক সম্বৰ্দ্ধনা জনোৱাৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীকো সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে। নিজৰ ভাষণ প্ৰসংগত চৌধুৰীয়ে হীৰক জয়ন্তী বৰ্ষ পালন কৰাৰ লগতে এই হীৰক জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এখন আঁচনি গ্ৰহণ কৰি মহাবিদ্যালয়খনে অঞ্চলতোৰ একাংশ লোকৰ অৰ্থনৈতিক বিকাশ সাধন কৰাৰ বাবে সহায় আগবঢ়াব পাৰে বুলি পৰামৰ্শ প্ৰদান কৰাৰ লগতে অঞ্চলতোৰ সাংস্কৃতিক জীৱনৰ উত্তৰণৰ প্ৰচেষ্টা হাতত লব লাগে বুলি উল্লেখ কৰে। এই মুকলি সভাতেই ‘আমাৰ অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাৰ দ্বাৰা ৰচিত তথা সংগীত শিল্পী তৰালী শৰ্মাৰ সুৰত মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষক লৈ ‘থীম ছং’ টোৰ শুভ উদ্বোধন কৰা হয় আৰু এই গানটোৰ শুভ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ যতীন চন্দ্ৰ নাথে। প্ৰতিষ্ঠা দিৱসৰ স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰাই। নতুন প্ৰজন্মৰ ভৱিষ্যৎ : সংশয় আৰু সম্ভাৱনা শীৰ্ষক বিষয়ৰ ওপৰত ৰসাল তথা অসমৰ ঐতিহাসিক সমাজ আৰু সেই সময়ৰ ছাত্ৰ ছাত্ৰীৰ কৰ্মৰাজীৰ কথা দাঙি ধৰে। ভূপেন হাজৰিকাৰ এটি গীতৰ কলি “মোৰ গীতৰ হেজাৰ শ্ৰোতা” বুলি উল্লেখ কৰি ছাত্ৰ ছাত্ৰীক দৃষ্টি আকৰ্ষণ কৰি নিজৰ ভাষণ প্ৰদান কৰে। লগতে উল্লেখ কৰে কংক্ৰিটৰ অৰণ্যত প্ৰাকৃতিক জন জীৱনে পৰিপুষ্টিৰে ভৰপূৰ জৱাহৰলাল নেহৰু মহাবিদ্যলয় আৰু এই মহাবিদ্যালয়ৰ ১১০ বিঘা মাটিৰ পৰিসৰৰ ভিতৰত ৰবৰ বাগান, বিভিন্ন ধৰণৰ বাগানকে কৰি আগন্তুক দিনত এই মহাবিদ্যালয়ে অক্সিজেনো ৰাইজক বিতৰণ কৰিব বুলি শলাগে। গৌতম শৰ্মাই গীতটোৰ প্ৰসংগত নিজৰ ভাষণত কয় যে, বকোখন যিদৰে বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মিলন ভূমি আৰু বাৰেৰহণীয়া কলাকৃষ্টি সংস্কৃতিৰে ভৰপূৰ, ঠিক সেই দৰেই এই মহাবিদ্যালয়ৰ গীতটো ৰচনা কৰা হৈছে বুলি প্ৰকাশ কৰে। মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ যতীন চন্দ্ৰ নাথে নিজৰ ভাষণ প্ৰসংগত মহাবিদ্যালয়ৰ কিছু পুৰণি বিষয় ৰোমন্থণ কৰাৰ লগতে আৱেগিক হৈ পৰে। নিজৰ ভাষণত মহাবিদ্যালয়খনক লৈ তেওঁৰ আধৰুৱা সপোন যেন বৰ্ত্তমানৰ অধ্যক্ষ ড০ তপন দত্তই পূৰ্ণ কৰিব, তাৰ বাবে আশা প্ৰকাশ কৰে। মুকলি সভাৰ পাছতেই প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰীৰদ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। গধূলি শ্বহীদ তৰ্পণ তথা বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বকোৰ এগৰাকী বিশিষ্ট ব্যক্তি কৰ্ণভূষণ ৰাভাৰ লগতে বহুকেইগৰাকী নপুৰণি সদস্যই।
প্ৰেৰক প্ৰীতম বায়ন