বোকাজানত উগ্ৰপন্থী সংগঠন কে ইউ এল এৰ কেডাৰ আটক
বিগত পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিল ধৃত জয়চন জিছিং ৰেংমা
নিয়মীয়া বাৰ্তা, ১২ আগষ্টঃ কাৰ্বি আংলঙত নতুনকৈ আত্মপ্ৰকাশ কৰা সশস্ত্ৰ সংগঠন কাৰ্বি ইউনাইটেড লিবাৰেশ্যন আৰ্মি চমুকৈ কে ইউ এল এৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ কঠোৰ অভিযান। বিগত দিনকেইটাত আৰক্ষীয়ে চলোৱা অভিযানত সংগঠনটোৰ শীৰ্ষ নেতৃত্বৰ লগতে কেইবাজনো সদস্য আৰক্ষীৰ জালত পৰাৰ সময়তে যোৱানিশা আৰক্ষীয়ে অভিযান চলাই সংগঠনটোৰ আন এক সদস্যক গ্ৰেপ্তাৰ কৰাৰ বাতৰি পোৱা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱানিশা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্ম আৰু বকলীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বোকাজানত অভিযান চলাই উগ্ৰপন্থী সংগঠনটোৰ এজন কেডাৰক আটক কৰিবলৈ সক্ষম হয়। ধৃত উগ্ৰপন্থী সদস্যগৰাকী বৰপথাৰ থানাৰ অন্তৰ্গত জপৰাজান পুৰণা হাঞ্চে গাঁৱৰ জয়চন জিছিং ৰেংমা (৫৪) বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে, উগ্ৰপন্থী সংগঠনটোৰ সৈতে জড়িত ৰেংমা কংগ্ৰেছ দলৰো নেতা বুলি জানিব পৰা গৈছে। অলপতে অনুষ্ঠিত হৈ যোৱা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে জয়চন জিছিং ৰেংমাক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। অৱশ্যে, নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল সম্প্ৰতি উগ্ৰপন্থী সংগঠনৰে জড়িত হোৱাৰ অভিযোগত আৰক্ষীৰ জিম্মাত থকা জয়চন জিছিং ৰেংমা।
ইফালে, কংগ্ৰেছ দলৰ এগৰাকী নেতা উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ পিছতে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম বিধানসভাৰ অধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে। সামাজিক মাধ্যমযোগে নিজা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উপাধ্যক্ষগৰাকীয়ে এয়া অতি লজ্জাজনক বুলি মন্তব্য কৰাৰ লগতে কংগ্ৰেছ দলে যে কাৰ্বি আংলঙত শান্তি নিবিচাৰে সেয়া পুনৰবাৰ প্ৰমাণিত হোৱা বুলি কটাক্ষ কৰে।