বিশেষ বার্তা, ৩ আগষ্টঃ প্রকৃতিৰ অন্যতম সৃষ্টি ৰাণীৰ সেউজ পৰিৱেশ ক্রমাৎ নিশেষ হোৱাৰ পথত৷ বন ৰক্ষাৰ দায়িত্বত থকা ৰাণী বনাঞ্চলিক বিষয়াগৰাকীৰ নিষ্ক্রিয় ভূমিকাৰ বাবে চোৰাং বেপাৰী আৰু দুষৃকতিকাৰীয়ে এফালৰ পৰা ৰাণীৰ সেউজ পৰিৱেশ নিশেষ কৰি অহাৰ পিছতো চকুমুদা কুলিৰ ভাও ধৰি আছে বন বিভাগে৷ উল্লেখ্য যে অসম আৰু মেঘালয় সীমান্তৱর্তী হোৱা হেতুকে ৰাণীৰ এক সুকীয়া মর্যাদা আছে৷ সীমান্তৱর্তী হোৱাৰ সুবিধা লৈ একাংশ চোৰাং বেপাৰীয়ে বন বিভাগৰ লগত গোপন বুজাবুজি কৰি অসমৰ গছ কাটি মেঘালয়ৰ ছীল–মোহৰ মাৰি নির্বিঘ্নে সৰবৰাহ কৰে৷ ইয়াৰ ফলত বিনষ্ট হৈছে অসমৰ প্রাকৃতিক পৰিৱেশ৷ নিশা হ’লেই মেঘালয়ৰ পৰা নামি আহে শিল–মাটি কঢ়িওৱা শ শ ডাম্পাৰ৷ মেঘালয়ৰ পৰা অহা প্রতিখন ডাম্পাৰে ৰাণী বন বিভাগক নিয়মীয়াকৈ আদায় দিব লাগে ধন৷ অৱশ্যে এই টকা ৰাজকোষৰ সলনি বন বিষয়াৰ পকেটতহে সোমায়৷ সকলোতকৈ ডাঙৰ কথাটো হ’ল ৰাণীত ভূতপূর্ব মুখ্যমন্ত্রী তৰুণ গগৈয়ে স্থাপন কৰা সপোনৰ বনাঞ্চলত দুষৃকতিকাৰীয়ে অবাধ বেদখল কৰাৰ পিছতো নির্বিকাৰ হৈ আছে ৰাণীৰ বন বিভাগ৷ উল্লেখ্য যে ৰাণীৰ ভোলাগাঁও মৌজাৰ ৰাজাপাৰা গাঁৱৰ পট্টা নং ১১৯, ১২০, ১২৫, ১১৮, ১২১, ১২২, ১২৩, ১২৪ৰ দাগ নং ক্রমে ২৬৮, ২৭১, ২৭২, ২৭৫, ২৬৯, ২৭০, ২৭৪, ২৭৩ নম্বৰত ৰাণী মহেন্দৰী সংৰক্ষিত বনাঞ্চলত প্রায় ২৭ হেক্টৰ মাটি আছে৷ ২০০৮ বর্ষত প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈয়ে ৰাণী সংৰক্ষিত বনাঞ্চল পৰিদর্শন কৰিবলৈ আহি মহেন্দৰী বনাঞ্চলৰ সৌন্দর্যত মুগ্ধ হৈ পৰিছিল৷ ইয়াৰ পিছত নিজ হাতে উক্ত বনাঞ্চলত অর্জুন, শিলিখা, ভৈৰা, কৃষ্ণচুডা, ৰাধাচুডা আদি গছপুলি ৰোপণ কৰিছিল৷ গছপুলিবোৰ ঠন ধৰি উঠি সেউজ হৈ পৰিছিল৷ কিন্তু একাংশ বেদখলকাৰীয়ে উক্ত গছবোৰ কাটি তহিলং কৰি বেদখল আৰম্ভ কৰে৷ স্থানীয় মৈৰাপুৰ, মাজপাৰা গাঁৱৰ ৰাইজে গছ কটা বন্ধ কৰিব দিয়ে যদিও বেদখলকাৰীসকলে ওলোতাই ভাবুকি দি খেদি পঠিয়ায়৷ ইয়াৰ পিছত বেদখলকাৰীসকলে একাংশ সহজ–সৰল লোকক ধনৰ লোভ দেখুৱাই বসুন্ধৰা আঁচনিৰ যোগেদি উক্ত ২৭ হেক্টৰ চৰকাৰী ভূমি ম্যাদী পট্টা কৰাৰ বাবে বৃহৎ ষডযন্ত্র ৰচনা কৰিছে৷ পলাশবাৰী ৰাজহ চক্রৰ মণ্ডলকে ধৰি একাংশ বিষয়া–কর্মচাৰী আৰু বন বিভাগৰ লোক উক্ত কার্যত জডিত বুলি অভিযোগ উঠিছে৷ সেউজ বনাঞ্চল হিচাপে গঢ়ি তোলাৰ সপোন দেখা এখন সংৰক্ষিত বনাঞ্চলৰ মাটিৰ কিদৰে ম্যাদী পট্টাৰ বাবে আবেদন কৰিব পাৰে সেয়া ৰহস্যৰ বিষয়৷ যদি চৰকাৰে উচিত তদন্ত চলায়, তেন্তে ইয়াৰ আঁৰত থকা ৰৌ–বৰালি পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷