নিয়মীয়া বাৰ্তা ৩ জুনঃ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিগত ডেৰ দশক জুৰি উন্নত ফলাফলেৰে নগাঁৱৰ কেইখনমান কনিষ্ঠ মহাবিদ্যালয়ে আধিপত্য বিস্তাৰ কৰি আহিছে । নগাঁৱৰ জুনিয়ৰ কলেজৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰতি বছৰেই ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান দখলৰ লগতে বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে উন্নত ফলাফল প্ৰদৰ্শন কৰি ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । তাৰ ফলত ৰাজ্যৰ বিভিন্ন জিলাৰ ছাত্ৰ ছাত্ৰীৰ বিগত সময়ত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত লক্ষ্য হৈ পৰিছে নগাঁও চহৰত প্ৰতিষ্ঠিত একাংশ জুনিয়ৰ কলেজ । ক’ৰোনা ভাইৰাচৰ বাবে দেশৰ আনস্থানৰ দৰেই বন্ধ হৈ আছে নগাঁৱৰ জুনিয়ৰ কলেজ সমূহ । অহা ৬ জুনত অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব । লকডাউনৰ মাজতে এতিয়া আগন্তুক বৰ্ষৰ একাদশ শ্ৰেণীত নামভৰ্তিৰ প্ৰস্ততি চলাইছে বিভিন্ন শিক্ষানুষ্ঠানে । নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান আলফা বিটা কলেজে সাম্প্ৰতিক পৰিস্থিতিত সামাজিক দূৰত্ব অটুত ৰাখি শ্ৰেণীত পাঠদানৰ সুবিধা হোৱাকৈ সীমিত সংখ্যক ছাত্ৰ ছাত্ৰীক নামভৰ্তি কৰাৰ লগতে মেধাবী ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তি , বিনামূলীয়া মাচুল আৰু ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতাৰ মনোভাব বৃদ্ধিৰ বাবে শিক্ষানুষ্ঠানখনৰ কোনো ছাত্ৰ ছাত্ৰীয়ে ৰাজ্যৰ শীৰ্ষ দহজনৰ ভিতৰত স্থান লাভ কৰিলে এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে । আলফা বিটা কলেজৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে যে এইবাৰ মেট্ৰিক পৰীক্ষাত ৯০ শতাংশ নম্বৰ আৰু চি বি এছ ইত ১০ চি জি পি এ লাভ কৰা ছাত্ৰ ছাত্ৰীৰ কলেজখনত নামভৰ্তি বিনামূলীয়া কৰাৰ লগতে মাহেকীয়া মাচুল ৰেহাই দিয়া হ’ব । ২০০৫ চনত প্ৰতিষ্ঠা লাভ কৰা আলফা বিটা কলেজৰ ডেৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে বিগত সময়ত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত নাম ভৰ্তি কৰিবলৈ সক্ষম হৈছে । ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে শিক্ষানুষ্ঠান খনত নামভৰ্তিৰ বাবে ৯৪৩৫০৬০৪৮৪ ফোন নম্বৰত যোগাযোগ কৰাৰ উপৰি www.alphabetacollege.in. ৱেবচাইটত login কৰিব পাৰিব বুলি কৰ্তৃপক্ষই জনাইছে।