নিয়মীয়া বাৰ্তা ৩জুনঃ নগাঁও চহৰৰ আমিনপট্টিৰ ইমদাদ আহমেদ নামৰ যুৱক জনৰ ৰহস্য জনক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনা আজিও অব্যাহত আছে।যুৱক জনৰ ৰহস্য জনক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি কালি বিয়লি নগাঁও চহৰৰ আমিনপট্টিত একাংশ লোকে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। উত্তেজিত লোকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠী চালনা আৰু শূণ্যলৈ গুলি চালনাও কৰিব লগা হৈছিল।ঘটনা সন্দৰ্ভত ইমদাদৰ আত্মীয়ৰ এজাহাৰৰ ভিৰ্তিত নগাঁও আৰক্ষীয়ে ১২৭১/২০২০ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি কালিয়েই আৰক্ষীয়ে ইমৰ’জ হুছেইন আৰু হিমান জ্যোতি বৰাক আটক কৰি জেৰা অব্যাহত ৰখাৰ অন্তত আজি দুয়োকে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই। আদালতে দুইজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। নগাওঁ আৰক্ষী সূত্ৰই জনোৱা মতে পৰহি সন্ধ্যা ইমদাদ আহমেদ নামৰ যুৱক জন ঘৰৰ পৰা ওলাই অহাৰ পিছত ইটাচালি আৰক্ষী চকীৰ নাতিদূৰত অচেতন হৈ পৰি থকা অৱস্থাত তেওঁক সেইদিনা নিশাই নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কিছু সময়ৰ পিছতেই ইমদাদৰ মৃত্যু হয়। আৰক্ষী সূত্ৰই জনোৱা মতে সেইদিনা ইমদাদৰ লগত ইমৰ’জ আৰু হিমান জ্যোতি আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ সঠিক তদন্তই হে ইমদাদৰ ৰহস্যজনক মৃত্যুৰ তথ্য পোহৰলৈ আনিব।