এছ আই পদৰ লিখিত পৰীক্ষাৰ পূর্বে ৰাজ্যৰ বিভিন্ন স্থান ভ্রমণ কৰিছিল পি কে দত্তই
নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃঅসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ লিখিত পৰীক্ষাৰ পূর্বে ৰাজ্যৰ বিভিন্ন স্থান ভ্রমণ কৰিছিল পি কে দত্তই৷ ভ্রমণৰ সময়ত পি কে দত্তই তেওঁৰ ‘চেনেল’ৰ জৰিয়তে সমগ্র ৰাজ্যত উপ–পৰিদর্শক পদৰ বাছনি পৰীক্ষাত বহিব লগা প্রার্থীক লগ ধৰি ধন সংগ্রহৰ অভিযান চলাইছিল বুলি সর্বত্র চর্চা চলিছে৷ সম্প্রতি পলাতক অৱস্থাত থকা পি কে দত্ত যোৱা ৩১ আগষ্টত ডিব্রুগড়লৈ আহিছিল বুলি তথ্য লাভ কৰিছে ডিব্রুগড় আৰক্ষীয়ে৷ উল্লেখ্য যে ডিব্রুগড় আৰক্ষীয়ে কালি ডিব্রুগড়ৰ পশ্চিম মিলন নগৰস্থিত পি কে দত্তৰ শহুৰেকৰ ঘৰত তালাচী চলোৱাৰ লগতে প্রাথমিক সোধা–পোছাৰ বাবে আটক কৰিছিল খুলশালিয়েক কাশ্যপ অভিনন্দন কাকতিক৷ ইয়াৰ উপৰি পলাতক পি কে দত্তৰ সন্ধানত ডিব্রুগড় চহৰৰ কেইবাটাও স্থানত ডিব্রুগড় আৰক্ষীয়ে অভিযান চলাইছিল৷
জানিব পৰা মতে, পি কে দত্ত যোৱা ৩১ আগষ্টত ডিব্রুগড়লৈ আহি ঘূৰি গৈছিল ৫ ছেপ্ঢেম্বৰত৷ এই সময়ছোৱাত পি কে দত্তই শহুৰেকৰ ঘৰত বাহৰ পাতি ডিব্রুগড়, তিনিচুকীয়া, শিৱসাগৰ আদি ঠাই ভ্রমণ কৰাৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ আনহাতে, পি কে দত্তৰ সন্ধানত অভিযান চলাই ডিব্রুগড় আৰক্ষীয়ে বহু বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে যদিও তদন্তৰ খাতিৰত সংবাদ মাধ্যমৰ আগত প্রকাশ কৰাৰ পৰা বিৰত আছে৷ পি কে দত্তই ডিব্রুগড়ৰো বহুকেইজন প্রার্থীৰ পৰা ধন সংগ্রহ কৰাৰ তথ্য ডিব্রুগড় আৰক্ষীয়ে লাভ কৰিছে আৰু শীঘ্রে ধন দিয়া প্রার্থীসকলৰ বিৰুদ্ধেও তদন্ত আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে৷