নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্ছেদিত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত গছপুলি ৰোপণ

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ পুনৰ প্ৰাণ পাই উঠিব বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যই ৷ আজি শোণিতপুৰ জিলা দিৱস উপলক্ষে বুঢ়াচাপৰিত অভয়াৰণ্যত বৃক্ষৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰে।বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ সদ্য উচ্ছেদিত অঞ্চলত লয় এই বৃক্ষৰোপণৰ কাৰ্যসূচী।উচ্ছেদিত অঞ্চলসমূহত বৃক্ষৰোপণ কৰি পুনৰ অভয়াৰণ্যখন সেউজীয়া কৰি পূৰ্বৰ অভয়াৰণ্যৰ গৰিমা ঘূৰাই নাৰ সংকল্পৰে লৈছে এই পদক্ষেপ ৷ পশ্চিম গুৱাহাটী ৰটাৰী ক্লাৱৰ সহযোগত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত এই বৃক্ষৰোপন কাৰ্য্যসূচী অনুষ্ঠিত কৰে। বৃক্ষৰোপন কাৰ্য্যসূচীত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰা, নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক নন্দন প্ৰতীম শৰ্মা বৰদলৈৰ লগতে ৰটাৰী ক্লাৱৰ কৰ্ম-কৰ্তাসকল৷ বুঢ়াচাপৰি অভাৰণ্যৰ প্ৰায় ২০০ বিঘা ভূমিত বৃক্ষৰোপনৰ প্ৰস্তুুতি লৈছে শোণিতপুৰ জিলা প্ৰশাসনে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like