নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত বানে ছিঙি নিয়া ঐতিহাসিক আৰিমত্ত গড় মেৰামতি ৰাইজৰ

নিয়মীয়া বাৰ্তা , ৩ জুলাই:-ৰঙিয়াৰ মাদৈকাটাত যোৱা ১৬ জুনত ঐতিহাসিক আৰিমত্ত গড়ৰ বৃহৎ অংশ এটা বানে উটুৱাই নিছিল । ৰঙিয়াৰ লগতে ৰাজ্যৰ গৌৰৱোজ্জ্বল ইতিহাস প্ৰসিদ্ধ আৰিমত্ত গড়টো বগৰীবাৰীত পুঠীমাৰি নৈৰ মথাউৰি ভঙাৰ পিছত প্ৰলয়ংকাৰী বানৰ প্ৰৱল সোঁতে এটা অংশ খহাই নিয়ে । গড়টোৰ এটা অংশ চিঙি নিয়াত কুৰিখনৰো অধিক গাঁও বৰ্তমানেও জলমগ্ন হৈ আছে । যাৰবাবে এতিয়া বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । উপায়বিহীন হৈ অৱশেষত স্থানীয় ৰাইজে নিজেই ওলাই আহিল ঐতিহাসিক ৰজাদিনীয়া আৰিমত্ত গড়টো নিৰ্মাণ কৰিবলৈ । বানাক্ৰান্ত ৰাইজে গাঠিৰ ধন ভাঙি শ্ৰমদান কৰি আৰিমত্ত গড়টো মেৰামতিত নামি পৰে । বৃহৎ গছৰ লগতে কলগছ আৰু মাটি পেলাই গড়টোৰ ভগ্ন অংশ মেৰামতি কৰাৰ বাবে কাম আৰম্ভ কৰে । গাঁৱৰ সকলো ওলাই আহি দিন-ৰাতি একাকাৰ কৰি আৰিমত্ত গড়টো পুণৰ নিৰ্মাণ কৰাৰ চেষ্টা কৰিছে । আৰিমত্ত গড়টো সংৰক্ষণ কৰাৰ উদ্দেশ্যেৰে এনেদৰে মেৰামতিৰ বাবে শ্ৰমদান কৰে । আনহাতে ইয়াৰ বানত ককবকাই থকা বানাক্ৰান্তই বানৰ পৰা পৰিত্ৰাণ পাব । উল্লেখ্য যে কেইবা শ বছৰ পূৰ্বে ৰজা বৈদ্য আৰু ৰজা আৰিমত্তই নিজৰ ৰাজ্যৰ সুৰক্ষাৰ বাবে আৰিমত্ত গড় নিৰ্মাণ কৰিছিল । ঐতিহাসিক সমল থকা এই আৰিমত্ত গড়টোৰ বৃহৎ অংশ এটা খহাই নিছে । যদিহে চৰকাৰে সোনকালে ব‍্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হলে হয়তো কালৰ গৰাহত হেৰাই যাব ঐতিহাসিক আৰিমত্ত গড়টো ।

 

প্ৰেৰক ফাৰুক হুছেইন

You might also like