নিয়মীয়া বার্তা, ২৮ এপ্রিলঃ লকডাউনৰ সময়ছোৱাত ৰাজ্যখনৰ ভিন্ন প্রান্তত আবদ্ধ হৈ পৰা লোকসকলক নিজ নিজ গৃহত উপস্থিত হোৱাৰ বাবে চৰকাৰে যোৱা ২৫ ফেব্রুৱাৰীৰ পৰা আন্তঃজিলা পৰিবহণ ব্যৱস্থা মুকলি কৰি দিয়াৰ সময়তে প্রশাসনৰ শিথিলতাৰ সুযোগ গ্রহণ কৰি একাংশ লোকে গোলাঘাট, ধুবুৰী, গোৱালপাৰাৰ ৰেড জ’নৰ পৰা গ্রীন জ’ন হিচাপে চিহ্ণিত ৰাজ্যখনৰ ভিন্ন প্রান্তত গৈ উপস্থিত হোৱা ঘটনা সংঘটিত হৈছে ৷ ৰেড জ’ন হিচাপে চিহ্ণিত ধুবুৰী জিলাৰ পৰা ২২জনকৈ লোক শোণিতপুৰ জিলাৰ বালিপৰাৰ সমীপৱর্তী আমনি মছজিদত আজি পুৱাৰ ভাগতে উপস্থিত হয় ৷ ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় ৰাইজে তেওঁলোকক মছজিদত আবদ্ধ কৰি ৰাখি প্রশাসনক খবৰ দিয়ে ৷ পাছত চাৰিদুৱাৰ চক্র বিষয়া ড০ ক্ষিৰোদ কুমাৰ হাজৰিকা আৰু চাৰিদুৱাৰ আৰক্ষীয়ে মছজিদটোত উপস্থিত হৈ আটাইকেইজন লোককে উদ্ধাৰ কৰে আৰু ততাতৈয়াকৈ তেজপুৰ মেডিকেল কলেজ হাস্পতালত প্রাথমিক স্বাস্থ্য পৰীক্ষাৰ পাছত ঢেকীয়াজুলিৰ সমীপৰ চিৰাজুলিৰ কোৱাৰেণ্টাইন শিবিৰত ১৪ দিনৰ বাবে ৰখাৰ ব্যৱস্থা কৰে ৷
এই লোককেইজনে ধুবুৰীৰ বিলাসীপাৰাৰ জামে মছজিদত অনুষ্ঠিত জামাতত অংশগ্রহণ কৰিছিল৷ লকডাউনৰ পৰিপ্রেক্ষিতত বিগত দিনকেইটাত তেওঁলোকে উক্ত মছজিদতে আশ্রয় গ্রহণ কৰি আছিল যদিও আজি পুৱা ৰহস্যজনকভাৱে খনামুখ গুদামঘাটত উপস্থিত হয়৷ তেওঁলোকে জনোৱা অনুসৰি ৪০ হাজাৰ টকাৰে এখন ট্রেভেলাৰ ভৰা কৰি তেওঁলোক তেজপুৰলৈ আহিছিল৷ আজি আৰক্ষীয়ে উদ্ধাৰ কৰা জামাতীকেইজন হ’ল ক্রমে আব্দুল মোতাল্লিব, জামালউদ্দিন, আকবৰ আলী, চিকন্দৰ আলী, মহম্মদ মজিউদ্দিন, মহম্মদ জাহাংগীৰ আলম, মজিবুৰ ৰহমান, আকাচ আলী, ৰস্তম আলী, মফিদুল মমিন, গিয়াচুদ্দিন, হালিমুদ্দিন, জফৰ আলী, আব্দুল জব্বৰ, তাহেৰ আলী, নুৰ মহম্মদ, কামালউদ্দিন শ্বেখ, ৰছিদুৰ ইছলাম, নবী হুছেইন, মোবাৰক আলী, জাহেদ আলী আৰু হাচিম আনছাৰি ৷ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জামে মছজিদত তবলিগী জামাতত অংশগ্রহণ কৰা এই লোককেইজন শোণিতপুৰৰ বালিপৰাত উপস্থিত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ কিয়নো গুৱাহাটীৰ আঠগাঁৱৰ কবৰস্থান মছজিদত ধর্মীয় অনুষ্ঠানত অংশগ্রহণ কৰি যিসকল ক’ভিড–১৯ত আক্রান্ত হৈছিল, সেইসকলে বিলাসীপাৰাৰ উক্ত মছজিদটোত পৰৱর্তী পর্যায়ত উপস্থিত হৈছিল ৷ এইসকল জামাতীৰ পূর্বে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বিষয়েও নিশ্চিত হোৱা নাই৷ সেয়ে ৰাইজৰ মাজত অধিক আতংক সৃষ্টি হৈছে ৷
আনহাতে, কলীয়াভোমোৰা সেঁতুত হোজাই জিলাৰ লংকাৰ পৰা কোৱাৰেণ্টাইনত থকা এজন ব্যক্তি আজি আৰক্ষীৰ হাতত ধৰা পৰে ৷ ব্যক্তিগৰাকীৰ হাতত যোৱা ২৬ এপ্রিলত স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইনত ৰখাৰ পত্র উদ্ধাৰ হয় ৷ আজগৰ আলী নামৰ লোকজনক স্বাস্থ্য বিভাগে পুনৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে ৷ একেই স্থানতে আজি যোৰহাটৰ পৰা কোকৰাঝাৰ অভিমুখে ১৩জন শ্রমিক কঢ়িয়াই অনা এ এছ–০৩ বি চি–৪৭০৭ নম্বৰৰ বাছ এখন আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ শ্রমিককেইজনক যোৰহাটত কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈয়ে প্রশাসনে কেনেদৰে কোকৰাঝাৰলৈ যোৱাৰ অনুমতি প্রদান কৰিলে, তাক লৈও প্রশ্ন উত্থাপন হৈছে ৷ সেইদৰে ৰেড জ’ন হিচাপে চিহ্ণিত গোলাঘাটৰ পৰা অহা ১৫জন যুৱককো সোমবাৰে ডবকাত উদ্ধাৰ কৰা হয় ৷
জানিব পৰা মতে, হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তর্গত বুঢ়ীগাঁও আৰু নামডবকা গাঁৱৰ এই যুৱককেইজন কর্মসূত্রে গোলাঘাটৰ লুৰকিহাটত থাকে৷ যুৱকৰ দলটোৱে আজি এ এছ–০১ এ ডি–১৮১৯, এ এছ–০১ বি জে–৩০৮৬ নম্বৰৰ দুখন ইন’ভা আৰু এ এছ–০৬ জি–২০১৫ নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনেৰে ডবকা অভিমুখে আহি থকা অৱস্থাত নগাঁও জিলাৰ সীমান্তৱর্তী ৰংচেঙত আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰে৷ ইয়াৰ পাছতে হোজাই আৰক্ষীয়ে গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰি ৰেড জ’নৰ পৰা অহা হেতু তেওঁলোকক পুনৰ গোলাঘাটলৈ ওভতাই পঠিওৱাৰ ব্যৱস্থা কৰে৷ ডবকাৰ এই যুৱকৰ দলটোৱে গোলাঘাট প্রশাসনৰ কোনো অনুমতি লোৱা নাছিল যদিও তেওঁলোকে যোৰহাটৰ উপায়ুক্তৰ কার্যালয়ৰ EPASS/2020/65407,EPASS/2020/61496 আৰুEPASS/2020/77361 নম্বৰৰ তিনিখন অনুমতি–পত্র লাভ কৰিছিল ৷
যোৰহাটৰ উপায়ুক্তই ৰেড জ’ন ৰূপে চিহ্ণিত গোলাঘাট জিলাৰ পৰা গ্রীন জ’ন হোজাইলৈ অহাৰ কেনেদৰে অনুমতি দিব পাৰে, তাক লৈও ৰাইজৰ মাজত প্রশ্ণ উত্থাপন হৈছে৷ এই ঘটনায়ো ৰাইজৰ মাজত যথেষ্ট চাঞ্চল্য সৃষ্টি কৰিছে৷ চৰকাৰে আবদ্ধ হৈ পৰা লোকসকলক নিজ গৃহ অভিমুখে অহাৰ বাবে আন্তঃজিলা যোগাযোগ ব্যৱস্থা প্রশাসনৰ অনুমতি সাপেক্ষে মুকলি কৰি দিছে যদিও ৰেড জ’নৰ পৰা কোনো লোকক আন স্থানলৈ যোৱাৰ অনুমতি প্রদান কৰা নাই৷ তেনে অৱস্থাত ৰেড জ’ন হিচাপে চিহ্ণিত দুখন জিলাৰ পৰা আন স্থানলৈ মানুহ কিদৰে যাবলৈ সক্ষম হ’ল, তাক লৈ বিভিন্ন প্রশ্ন উত্থাপন হৈছে ৷ ৰেড জ’ন হিচাপে চিহ্ণিত জিলা প্রশাসনৰ শিথিলতাৰ বাবেই এয়া যে সম্ভৱ হৈ উঠিছে, তাত কোনো সন্দেহ নাই৷ ইপিনে, ৰেড জ’ন হিচাপে চিহ্ণিত গোৱালপাৰা জিলাৰ পৰাও সমীপৱর্তী আন অঞ্চললৈ ভিন্ন পথৰে অহা–যোৱা অব্যাহত থকাৰ বাতৰি পোৱা গৈছে৷ পৱিত্র ৰমজান মাহৰ সুযোগ লৈয়ে একাংশ লোকে জিলাখনত লকডাউনৰ নীতি–নিয়ম সম্পূর্ণৰূপে উলংঘা কৰি জিলাখনৰ ভিন্ন স্থানত বজাৰে–সমাৰে সামাজিক দূৰত্ব উলংঘা কৰি ওলাই অহা পৰিলক্ষিত হৈছে৷ এইক্ষেত্রত চৰকাৰ কঠোৰ নহ’লে প্রথম পর্যায়ত ক’ৰোনা ৰোধৰ ক্ষেত্রত অসম চৰকাৰ সফল হ’লেও অনাগত দিনত বিষয়টো ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা মুঠেই উলাই কৰিব নোৱাৰি ৷