নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৃজনগ্ৰাম পঞ্চায়তত পকী নলা নিৰ্মাণ আঁচনিত দুৰ্নীতি

সভাপতি-সচিব আৰু কনিষ্ঠ অভিযন্তাৰ বিৰূদ্ধে ধন আত্মসাতৰ অভিযোগ

নিয়মীয়া বাৰ্তা ৩ মেঃ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম গাঁও পঞ্চায়তত পকী নলা নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ তথ্য মতে ২০১৬-১৭ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত পঞ্চায়তখনৰ ২ নং বৰঘোলাত পি এম জি এছ ৱাই পথৰ পৰা মেধিপাৰা পি ডব্লিউ ডি পথৰ দুয়োপাৰে ১৬১.৪০ মিটাৰ দৈৰ্ঘ্যৰ চি চি ড্ৰেইন নিৰ্মাণৰ ৬ লাখ ২৫ হাজাৰ ৫ শ ৬২ টকাৰ  আঁচনি এখন গ্ৰহণ কৰে ৷ সেইমতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত পঞ্চায়ত সভাপতি ৰমজান আলীয়ে আঁচনিৰ আধাৰশিলা স্থাপন কৰি নলা নিৰ্মাণৰ কাম আৰম্ভ কৰে ৷ কিন্তু  অতি নিম্ন মানৰ কামৰ বাবে দুমাহ পিছতেই নলাৰ বেৰ সমূহ খহিবলৈ আৰম্ভ কৰিছে ৷


অভিযোগ মতে সংশ্লিষ্ট কনিষ্ঠ অভিযন্তা গৰাকীয়ে নিৰ্মাণ কাৰ্যৰ তদাৰকৰ ক্ষেত্ৰত চূড়ান্ত গাফিলতি প্ৰদৰ্শন কৰে  ৷ নিৰ্মাণ কাৰ্য চোৱাচিতাৰ বাবে আনকি এদিনো উপস্থিত নহোৱাৰ অভিযোগ উঠিছে কনিষ্ঠ অভিযন্তা গৰাকীৰ বিৰুদ্ধে ৷ ইপিনে আঁচনিৰ ধন আত্মসাত কৰাৰ উদ্দেশ্যৰে অনভিজ্ঞ ৰাজমিস্ত্ৰিৰ দ্বাৰা নিৰ্মাণ কাৰ্য সম্পন্ন কৰা, বালি আৰু চিমেণ্টৰ মিশ্ৰণ সঠিক নোহোৱাৰ ফলত নলাৰ বেৰৰ ধাৰণ ক্ষমতা তেনেই নিশকতীয়া হোৱাৰ বাবে বেৰবোৰ খহি পৰিবলৈ ধৰা পৰিলক্ষিত হৈছে ৷ দীঘলীয়া নলাটোৰ নিৰ্মাণৰ ক্ষেত্ৰত ঠায়ে ঠায়ে ৰ’ড ব্যৱহাৰ কৰি খুটা,বিম আদি দিব লাগিছিল যদিও তেনে কোনো ব্যৱস্থা কৰা হোৱা নাই ৷ পঞ্চায়ত খনৰ সভাপতি, সচিব আৰু কনিষ্ঠ অভিযন্তা গৰাকীয়ে মিলি আঁচনিৰ সিংহভাগ ধন আত্মসাত কৰিবলৈকে যধেমধে নিৰ্মাণ কাৰ্য সম্পন্ন কৰা বুলি ৰাইজে অভিযোগ তুলিছে ৷ ৰাইজে উক্ত আঁচনি নিৰ্মাণ কাৰ্যৰ তদন্তৰ বাবে জিলা উপায়ুক্তৰ ওচৰত দাবী জনাইছে ৷

You might also like